Local, Vocal, Global

জনতা দল(চেকুলাৰ)এ সমৰ্থন কৰিব NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক

নিউজ ডেস্ক, ১৬ জুলাই : বৰ্তমান দেশত চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ। ১৮ জুলাইত অনুষ্ঠিত হʼবলগীয়া
ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি পদৰ বাবে কোন দলে কাক সমৰ্থন কৰিব তাক লৈ চলিছে জল্পনা কল্পনা।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্ম আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈছে যশৱন্ত সিনহা।

শিৱ সেনাৰ পাছত এইবাৰ NDAৰ মনোনীত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মলৈ সমৰ্থন জনতা দল(চেকুলাৰ)ৰ।

জনতা দল (চেকুলাৰ)ৰ কয় যে বিধায়ক দলৰ এক বৈঠকত সকলোৰে সন্মতি সাপেক্ষে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মুৰ্মক সমৰ্থন কৰা সন্দৰ্ভত দলটোৰ উপ নেতা বন্দেপ্পা কাশোমপুৰে কয় যে, আদিবাসী মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাতো অতি গৰ্বৰ কথা। দ্ৰৌপদী মুৰ্ম এগৰাকী জনগোষ্ঠীয় সম্প্ৰদায়ৰ মহিলা হোৱা বাবে আৰু তেওঁৰ পৃষ্ঠভূমিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছো।

উল্লেখ্য যে, ১৮ জুলাইত অনুষ্ঠিত হব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু ভোটগণনা হ’ব ২১ জুলাইত।