Local, Vocal, Global

মহিলাক হত্যাৰ প্ৰচেষ্টা চলোৱা যুৱকক আটক

জামুগুৰিহাটৰ মঙ্গলবৰীয়াত মহিলাক হত্যাৰ প্ৰচেষ্টা চলোৱা যুৱকক আটক ৷ গুৰুত্বৰভাৱে আহত মহিলাক চিকিৎসালয়ত ভৰ্ত্তি ৷

শোণিতপুৰৰ জামুগুৰিহাটৰ মঙ্গলবৰীয়াত এগৰাকী মহিলাক হত্যাৰ প্ৰচেষ্টা চলোৱা এজন যুৱকক আটক জামুগুৰি আৰক্ষীৰ ৷ বৃহস্পতিবাৰে সন্ধ্যা অত্যাধিক মদ্যপান কৰি লুকেশ কেৰকেটা নামৰ যুৱক গৰাকীয়ে এখন দোকানৰ গৰাকী মহিলা সীতা কেৰকেটাক চিগাৰেট বিছৰাকলৈ এই ঘটনা সংঘটিত হয় ৷

লুকেশ কেৰকেটা নামৰ যুৱক গৰাকীয়ে বিছৰা চিগাৰেট নোপোৱাত প্ৰথমে মহিলা গৰাকীৰে তৰ্ক যুদ্ধত লিপ্ত হয় ৷ পাচত লুকেশে এখন চোকা দাৰে সীতা কেৰকেটাক আক্ৰমন কৰে ৷ লুকেশৰ দাৰ ঘাপত মহিলা গৰাকী গুৰুত্বৰ ভাৱে আহত হোৱাৰ লগতে মাটিত ঢলি পৰে ৷

পাচত স্থানীয় ৰাইজে উক্ত ঘটনা সন্ধৰ্ভত জামুগুৰি আৰক্ষীক খৱৰ দিয়াত ঘটনা স্থলিত আৰক্ষী উপস্থিত হৈ সীতা কেৰকেটাক উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে আক্ৰমনকাৰী লুকেশক আটক কৰি জামুগুৰি আৰক্ষীয়ে থানালৈ নিয়ে ৷ ইফালে এই ঘটনাৰ দোষীৰ উপযুক্ত শাস্তি বিছাৰিছে স্থানীয় ৰাইজে ৷