Jamugurihat youth mysterious death : পুনৰ বহি:ৰাজ্যত অসমৰ যুৱকক হত্যা, গোৱাত কৰ্মৰত হৈ থকা জামুগুৰিহাটৰ যুৱকক হত্য়া

জামুগুৰিহাট, ২৬আগষ্ট : পুনৰ বহি:ৰাজ্যত অসমৰ যুৱকক হত্যা । কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী(Jamugurihat youth mysterious death) ।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷ প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Mysterious Death of assamese youth in Goa) ।
পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকৰ । এইবাৰ সুদূৰ গোৱাত হত্যা অসমৰ যুৱকৰ । কৰ্মসংস্থাপনৰ বাবে ওলাই গৈ গোৱাত কৰ্মৰত হৈ থকা জামুগুৰিহাটৰ কৰতিপাৰ গাঁওৰ যুৱকজনক হত্যা কৰি পেলাই গৈ গ’ল কোনো দুৰ্বৃত্তই । মৃতলোকজন ইন্দ্ৰ নাথ বুলি চিনাক্ত কৰা হৈছে । যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যায় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
প্ৰাপ্ত তথ্য অনুসৰি, মৃতলোকজনৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট হৈ আছে । আৰু যুৱকজনৰ মৃতদেহ কৰ্মস্থলীৰ সমীপৰ জংঘলত উদ্ধাৰ কৰা হৈছে ।জানিব পৰা মতে, দুদিনৰ পিছত বন্ধুবৰ্গই ইন্দ্ৰ নাথৰ মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰে । ইতিমধ্যে যুৱজনৰ মৃতদেহ উদ্ধাৰ কৰি গোৱাৰ পৰা শুকুৰবাৰে জামুগুৰিহাটৰ নিজ ঘৰলৈ লৈ আহিছে । ইন্দ্ৰ নাথৰ মৃতদেহ উপস্থিত হোৱাত এক শোকাকুল পৰিবেশ বিৰাজ কৰিছে গাঁওখনত(Jamugurihat youth mysterious death in Goa) ।
বহিঃৰাজ্যত এইদৰে পুনৰ অসমীয়া যুৱকৰ মৃত্যুৰ বাতৰিয়ে এতিয়াই চিন্তিত কৰি তুলিছে কৰ্মসূত্ৰে বহিঃৰাজ্য নিবাসী অসমীয়াক।
লগতে পঢ়ক : MLA Mrinal Saikia to resign : পদত্যাগ কৰিব বিধায়ক মৃণাল শইকীয়াই !