Local, Vocal, Global

WATCH | Jamugurihat News : সদ্যঘোষিত MBBS পৰীক্ষাৰ ফলাফলত উজলিল জামুগুৰিহাটৰ সহশ্ৰাব্দী শইকীয়া

জামুগুৰিহাট,১০মে’ : সদ্যঘোষিত MBBS পৰীক্ষাৰ ফলাফলত উজলিল জামুগুৰিহাটৰ সহশ্ৰাব্দী শইকীয়া৷

জামুগুৰিহাটৰ টুপিয়াৰ প্ৰয়াত শিক্ষক দীপক শইকীয়াৰ আৰু ময়ুৰী শইকীয়াৰ সুযোগ্য কন্যা সহশ্ৰাব্দী শইকীয়াই MBBS পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে(Jamugurihat News)।

মেধাবী ছাত্ৰী গৰাকীৰ এই বৃহৎ সফলতাৰ বাবে ছাত্ৰী গৰাকীয়ে অধ্যয়ন কৰি যোৱা টুপিয়া পাঁচগাওঁ একাডেমীৰ তৰফৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে সহশ্ৰাব্দী শইকীয়াক ফুলাম গামোচাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে৷ সহশ্ৰাব্দী শইকীয়াই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ৭ সপ্তম স্হান লাভ কৰাৰ লগতে অসমৰ ভিতৰত ৭৯ স্হান লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : WATCH | Jamugurihat News : নদুৱাৰ সমষ্টি ৰঙালী বিহুৰ সকলো কাৰ্য্যসূচী বাতিল