WATCH | Jamugurihat News : নদুৱাৰ সমষ্টি ৰঙালী বিহুৰ সকলো কাৰ্য্যসূচী বাতিল
জামুগুৰিহাট,১০মে’ : নদুৱাৰ সমষ্টিত ৰঙালী বিহু উদযাপনৰ সকলো কাৰ্য্যসূচী বাতিল কৰা হৈছে৷ চতিয়াৰ বালিজুৰিৰ কৈলাসপুৰ খেলপথাৰত চাৰিগাঁও যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ বালিজুৰিবাসী ৰাইজৰ সহযোগত ১০ আৰু ১১ মে’ ত দুদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছিল ৷
কিন্তু বৰ্তমান দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্বশৰ্মাৰ আহৱানৰ প্ৰতি সহাৰি জনাই মুকলি বিহু প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ও সকলো কাৰ্য্যসুচী বতিল কৰি সাময়িক ভাৱে স্থগিত ৰখাৰ কথা আজি এক সংবাদমেলযোগে ঘোষনা কৰিছে উদ্যোক্তা বালিজুৰি চাৰিগাও যুৱ সমাজৰ কাৰ্য্যকৰি সভাপতি জান শইকীয়া আৰু সম্পাদক পূৰ্ণ প্ৰধানে(Jamugurihat News)৷
চাৰিগাঁও যুৱ সমাজৰ সভাপতি সম্পাদক দ্বয়ে এই সন্দৰ্ভত কৰ যোৰে অনুৰোধ জনাই কয় যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবেহে আমি এই ৰঙালী বিহু উদযাপন কাৰ্য্যসূচী সাময়িকভাবে বাতিল কৰিব লগীয়া হৈছে৷ পৰবৰ্তী প্ৰৰ্যায়ত সুস্থ্য বাতাবৰণ সৃষ্টি হলেই আমাক দান বৰঙনি ও সকলোধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা সদাশয় সকলো শ্ৰেনীৰ লোক সকল অনুৰূপ ধৰণেই সংবাদমেল যোগে অৱগত কৰিবলৈ বাধ্য থাকিম৷
সংবাদমেল খনত উদ্যোক্তা সকলে আৰু কয় যে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক মুখ্য অতিথি হিচবে নিমন্ত্ৰণ জনোৱা হৈছিল আৰু তেখেতেই আমাৰ এই ৰঙালী বিহুৰ কাৰ্য্যসূচী সমুহ সাময়িক ভাৱে বাতিল কৰা পৰামৰ্শ আগবঢ়োৱাৰ লগতে সমগ্ৰ নদুৱাৰ সমষ্টিৰ সকলোবোৰ ৰঙালী বিহুৰ অনুষ্ঠান সমুহ বাতিল কৰাৰ নিৰ্দেশ ইতিমধ্যেই প্ৰদান কৰিছে ৷ ইয়াৰ বাবে নদুৱা সমষ্টিৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে বিধায়ক গৰাকীৰ নিৰ্দ্দেশ আখৰে আখৰে পালন কৰি সকলো ৰঙালী বিহুৰ কাৰ্য্যসুচী ইতিমধ্যেই বাতিল কৰিছে৷
লগতে পঢ়ক : WATCH | Operation Sindoor : বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ সংবাদমেল সম্বোধন