Local, Vocal, Global

WATCH | Jamugurihat News : ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ

জামুগুৰিহাট,২৬এপ্ৰিল : ৰঙাপৰাত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিয়ান ৷ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ বিশেষকৈ প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে চাহ বাগিচাৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ বাগিচাই বাগিচাই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ(Jamugurihat News)৷ বিভিন্ন ৰাজনৈতিক দলে বাগিচাই বাগিচাই গৈ শ্ৰমিক ৰাইজক দিছে বিভিন্ন প্ৰতিশ্ৰুতি ৷

প্ৰাৰ্থী সকলে বাগিচাৰ চালানে চালানে গৈ চলাইছে নিৰ্ব্বাচনী প্ৰচাৰ ৷ ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ দলৰ জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী গৰাকীয়ে চালানে চালানে গৈ চলাইছো নিৰ্বাচনী প্ৰচাৰ ৷ দিছে বিভিন্ন প্ৰতিশ্ৰুতি ৷ চাহ শ্ৰমিক ৰাইজৰ সমস্যা সমাধান কৰাৰ দিছে প্ৰতিশ্ৰুতি ৷ কংগ্ৰেছ আৰু বিজেপিৰ মাজত হ’ব মুল প্ৰতিদ্বন্দিতা ৷ কোনো মাৰিব শেষ হাঁহি সেয়া সময়হে ক’ব ।

লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত বিহু মেলাৰ সোণালী জনয়ন্তী বৰ্ষ উদযাপন