Local, Vocal, Global

Watch | Jamugurihat flood: বাঢ়নি পানীয়ে উটুৱাই নিলে ৰঙাপৰাৰ পথৰ এটি অংশ

জামুগুৰিহাট: নিশা হোৱা ধাৰাসাৰ বৰষুনৰ ফলত ৰঙাপৰাৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ এক অংশ উটুৱাই নিয়ে । ৰঙাপৰা-তাৰাজুলি উৰহীলগা সংযোগী পথৰ এটা অংশ খহাই নিলে বাঢ়নি পানীয়ে ৷

বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ পথচোৱা বাঢ়নি পানীয়ে উটুৱাই নিয়াৰ ফলত কেইবাখনো গাঁৱ ৰাইজ অহা যোৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ উৰহীলগা , তাৰাজুলি, যোগিবিল আদিকে ধৰি কেইবাখনো গাঁৱৰ য়াতায়তৰ একমাত্ৰ পথচোৱাৰ অংশ এনেদৰে উটুৱাই নিয়াত ৰাইজ শংকিত হৈ পৰিছে ৷

নিশা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত খহি পৰে পথচোৱাৰ অংশটো ৷ স্থানীয় ৰাইজে বন্ধ কৰি দিছে পথ চোৱা ৷ ৰাইজে আতিশীঘ্ৰে পথচোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীক দাবী জনাইছে ৷

লগতে পঢ়ক: Watch | Nagarbera Tea Estate Labour Protest: পুনৰ প্ৰতিবাদত নামিছে গোৱালপাৰা জিলাৰ শশী কুমাৰ চাহ বাগিচাৰ শ্ৰমিক-মজদুৰ সকল