Watch | Jamugurihat elephant news: জামুগুৰিহাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ
জামুগুৰিহাট: জামুগুৰিহাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণে সন্ত্ৰাসিত কৰিছে গঁঞা ৰাইজক। বিশেষকৈ জামুগুৰিহাটৰ উত্তৰ আঞ্চলটোৰ বামুণীপামত বিগত তিনিদিন ধৰি এটি ৩০/৪০জনীয়া হাতীৰ জাকক বিচৰন কৰি থকা দেখি দতিকাষৰীয়া গাঁও সমুহৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাৱলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাক সমুহে দীৰ্ঘদিন ধৰি গাঁওসমুহৰ ৰাইজৰ মাজত উপদ্ৰৱ চলাই আহিছে।
এই সন্দৰ্ভত বনবিভাগৰ লোক সকলক অৱগত কৰিও ৰাইজে সুফল লাভ কৰা নাই। বনৰীয়া হাতীৰ জাকটোৰ বিচৰণত শংকিত হৈ পৰা আঞ্চলবাসী ৰাইজে অঞ্চলটোৰ দ্বায়িত্বত থকা ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ বনবিষয়া আৰু বনকৰ্মী সকলক অতি শীঘ্ৰে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ দাবী জনাইছে।
লগতে পঢ়ক : Watch | Nazira Gelekey two men missing: বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ দুজন ব্যক্তি