জামুগুৰিহাটত বোৱাৰী নিৰুদ্দেশৰ চাঞ্চল্য

জামুগুৰিহাটত দুই সন্তান সহ বোৱাৰী নিৰুদ্দেশৰ চাঞ্চল্য
শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ এগৰাকী বোৱাৰী দুই সন্তান সহ যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে অঞ্চলটোৰ চামধৰা পানীগাঁৱৰ আচৰ উদ্দিন নামৰ লোকজনৰ পত্নী গুলজাৰ বেগমে (২৮) যোৱা দেওবাৰে দিনৰ ১১ মান বজাত দুই পুত্ৰ কন্যা ক্ৰমে আচিকুল আলি (৮) আৰু আৰপিনা বেগম (১০) ক লগত লৈ ধলাইবিলস্থিত উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰুনা ভেকচিন লবলৈ গৈছিল ৷
পিছত সন্ধিয়া পৰ্যন্ত পৰিয়ালটো ঘৰলৈ ওভতি নহাত স্বামীৰ লগতে ঘৰখনৰ অন্যান্য লোক সকল চিন্তিত হৈ পৰি বিভিন্ন আত্মীয়ৰ ঘৰত খবৰ কৰে যদিও আজি পৰ্যন্ত কোনো সম্ভেদ নোপোৱাত উপায়হীন হৈ জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ দুই সন্তানৰ পিতৃ তথা স্বামী আচৰ উদ্দিনে এজাহাৰত উল্লেখ কৰা মতে বোৱাৰী গুলজাৰ বেগমে নগদ ৩৫৭০০ (পয়ত্ৰিশ হেজাৰ সাতশ) টকা আৰু দুই সন্তানৰ জন্মৰ প্ৰমান পত্ৰ দুখন লগত লৈ গৈছে ৷
পাঁচ ফুট মান উচ্ছতাৰ শকত মিঠা বৰনীয়া বোৱাৰী গৰাকীয়ে ৰঙা ৰঙৰ চুইজাৰ পিন্ধি যোৱাৰ লগতে ৩ ফুট ৬ ইঞ্চি মান উচ্ছতাৰ পুত্ৰই সেউজীয়া পেন্ট আৰু হালধীয়া চাৰ্ট ,৪ ফুট মান উচ্ছতাৰ কন্যই হালধীয়া ফ্ৰক পিন্ধি যোৱাৰ কথা উল্লেখ কৰিছে এজাহাৰত ৷ এই সন্দৰ্ভত কোনো লোকে সম্ভেদ পালে জামুগুৰি আৰক্ষীৰ লগতে 9678183524 নম্বৰত যোগাযোগ কৰি অৱগত কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।