জংঘলৰ মাজত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল
জামুগুৰিহাটত জংঘলৰ মাজত উদ্ধাৰ মধ্যাহ্ন ভোজনৰ চাউল ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কৰ্ম কাণ্ডক লৈ প্ৰতিক্ৰিয়া সচেতন মহলৰ ৷
মানৱ সম্পদ গঢ়াৰ খনিকৰ হিচাপে চিহ্নিত একাংশ শিক্ষকৰ অমানবীয় কৰ্ম-কাণ্ডই এতিয়া চকু কপালত তুলিছে সচেতন মহলৰ ৷ নিজৰ মইমতালিত চ’লা এই সকল শিক্ষকৰ কাম-কাজে এতিয়া শৈক্ষিক প্ৰেমী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই দৃশ্য শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পশ্চিম জামুগুৰি হাইস্কুলৰ ৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল এইদৰে জংঘলৰ মাজত পেলায় দিয়া পৰিলক্ষিত হৈছে ৷ ক’ৰণা মহামাৰীৰ সময়চোৱাত বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰীক বিতঁৰণ কৰিবলৈ দিয়া প্ৰায় ৬ বস্তা চাউল এইদৰে বেয়া হোৱা বুলি জংঘলৰ মাজত মনে মনে পেলাই দিয়ে বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ষিতিশ নাথে ৷ শিক্ষক গৰাকীৰ কৰ্মকাণ্ডত এতিয়া সচেতন মহলৰ চকু কপালত উঠিছে ৷
বৃহত্তৰ অঞ্চলটোৰ প্ৰায় তিনিশতাধিক বিদ্যালয়ে ক’ৰণা মহামাৰীৰ সময়চোৱাত ছাত্ৰ ছাত্ৰীৰ অভিভাবকক স্কুললৈ মাতি আনি বা ঘৰলৈ গৈ চাউল দালি বিতঁৰণ কৰি মহানতাৰ পৰিচয় দিয়াৰ বিপৰীতে এই গৰাকী প্ৰধান শিক্ষকে স্কুলতে বস্তা বস্তা চাউল পছিবলৈ দি এনেদৰে পেলাই দিয়া ঘটনাই স্থানীয় ৰাইজৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷