Local, Vocal, Global

Jammu Kashmir Assembly Election : কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলি আছে জম্মু-কাশ্মীৰত ভোটগ্ৰহণ

নিউজ ডেস্ক,১অক্টোবৰ : কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত চলি আছে জম্মু-কাশ্মীৰত ভোটগ্ৰহণ । মঙলবাৰে পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

আজি অন্তিম পৰ্যায়ৰ ভোটদানত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৪০ লাখ। মুঠ প্ৰাৰ্থী ৪০৫ জন(Jammu Kashmir Assembly Election)।

উল্লেখ্য যে,কাশ্মীৰত ১০বছৰৰ পাছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ইতিমধ্যে হৈ যোৱা নিৰ্বাচনৰ দুটা পৰ্যায়ত ভোটাৰৰ যথেষ্ট উৎসাহ দেখা গৈছে যদিও বিগত ২৪ ঘণ্টাত কাঠুৱা আৰু ৰাজৌৰীত সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ হোৱা বুলিও জানিব পৰা গৈছে। ইয়াৰোপৰি কাঠুৱা এনকাউণ্টাৰত এগৰাকী আৰক্ষী কৰ্মী শ্বহীদ হোৱাৰ বিপৰীতে এজন সন্ত্ৰাসবাদীও নিহত হয়।

লগতে পঢ়়ক : Orang National Park open formally opened for tourists: পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান