Local, Vocal, Global

Jammu bus accident: জম্মুৰ কাটৰাত ৭০ জন তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, ১০ জন নিহত

নেশ্যনেল ডেস্ক, ৩০ মে’ : আজি ৰাতিপুৱা সংঘটিত হ’ল এক ভয়াৱহ পথ দুৰ্ঘটনা । তীৰ্থযাত্ৰী এখন বাছ বাগৰি পৰিল খাৱৈত । জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঝাজ্জৰ কোটলীৰ ওচৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাতো । বাছখন অমৃতসৰৰ পৰা কাটৰালৈ গৈ থকা অৱস্থাত জম্মু জিলাৰ কাট্ৰাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঝজ্জাৰ কোটলিৰ সমীপত সংঘটিত হয় এই দুর্ঘটনা । এই দুর্ঘটনাত ১০ জন লোক নিহত হয় লগতে কেইবাজনো যাত্ৰী আহত হয় (10 dead) । আহতলোক কেইজনক চিকিত্‍সালয়লৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য যে বাছখনত থকা তীৰ্থযাত্ৰীসকল মাতা বৈষ্ণো দেৱী মন্দিৰলৈ গৈ আছিল (bus carrying pilgrims to Vaishn) । ত্ৰিকুটা পাহাৰৰ ওপৰত অৱস্থিত বিখ্যাত তীৰ্থযাত্ৰাৰ ভিত্তি শিবিৰ হ’ল কাটৰা । বাছখনত প্ৰায় ৭০ জন লোক আছিল ।

পুৱা দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে চিআৰপিএফৰ বাহিনীৰ এটা দল তাত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । মৃত লোকসকলৰ ভিতৰত বিহাৰৰ লখীচৰাই আৰু বেগুছৰাই জিলাৰ লোকো আছে । চিআৰপিএফৰ সৈতে আৰক্ষীৰ দলো উদ্ধাৰ অভিযানত নিয়োজিত হয় । আহতসকলক জম্মুৰ চৰকাৰী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জালিব পৰা গৈছে ।

উল্লেখ্য যে এই স্থানত এইটোৱেই প্ৰথম দুৰ্ঘটনা নহয় । যোৱা ২১ মে’ত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত মাতা বৈষ্ণো দেৱীলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ বাগৰি যোৱাত এগৰাকী ২৭ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে ২৪ জন লোক আহত হৈছিল ।

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই জম্মু বাছ দুৰ্ঘটনাত দুখ প্ৰকাশ কৰে । লগতে আহতসকলক সকলো ধৰণৰ সহায় আৰু চিকিৎসা প্ৰদান কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : AFSPA withdrawn from Assam: অসমৰ 28 খন জিলাৰ পৰা প্ৰত্যাহাৰ সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন