Local, Vocal, Global

জামুগুৰিহাটৰ ধলাইবিলত চুৰিকাণ্ড

জামুগুৰিহাটৰ ধলাইবিলত চুৰিকাণ্ড। নগদ ১০ হেজাৰ টকাসহ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ চুৰি কৰি লৈ যায় চোৰে। জামুগুৰিহাটৰ ধলাইবিলৰ বন্ধন বেংকৰ সন্মুখৰ নকুল দে নামৰ লোক জনৰ ঘৰৰ লোহাৰ গ্ৰীল ভাঙি নিশা প্ৰৱেশ কৰি চোৰৰ দলে লক্ষাধিক টকা মূল্যৰ সা সম্পত্তি চুৰি কৰি নিয়ে।

ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলটোৱে তিনিটাকৈ গডৰেজ ভাঙি লুটি নিলে নগদ ১০ হেজাৰ টকা আৰু সোণৰ আ-অলংকাৰ। চুৰি হোৱা সম্পত্তিৰ মূল্য প্ৰায় ১ লাখ ২৫ হেজাৰ মান হব বুলি জনাইছে গৃহস্থই। চুৰিকাণ্ড সন্দৰ্ভত জামুগুৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি তলৰ ভিডিঅ’টো চাওক।