Local, Vocal, Global

Watch | Jagiroad news: জাগীৰোডৰ এজন লোকে এখন গাড়ী বিক্ৰী কৰি এতিয়া পৰিছে মহা বিপদত

জাগীৰোড: এখন গাড়ী বিক্ৰী কৰি এতিয়া বিপদত গাড়ীৰ গৰাকী ৷ কিস্তি শেখ হোৱাৰ পূৰ্বেই গাড়ী বিক্ৰী কৰি এতিয়া বেংকৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে লোকজন ৷

ঘটনা মতে ২০২৩ চনৰ ২০ ফেব্ৰুৱাৰীত জাগীৰোডৰ চহিদুল ইছলামে AS-01NC-9315 নম্বৰৰ এখন টাটা এচি গল্ড বাহন বিক্ৰী কৰিছিল নেলী গনেশ ভেলীৰ বিজয় পাল নামৰ লোকজনক ৷ নগদ ৫০ হাজাৰ টকা দি বাকি থকা ৫০ টা কিস্তি পৰিশোধৰ দুয়োপক্ষৰ মাজত এক বুজাবুজি চুক্তিৰে সকলো নথিপত্ৰ সহ বিজয় পালে ক্ৰয় কৰিছিল বাহনখন ৷ কিন্তু পৰৱৰ্তী সময়ত বিজয় পালে বেংকৰ কিস্তি পৰিশোধ নকৰাত বেংকৰ পৰা জাননী আহিবলৈ আৰম্ভ কৰে চহিদুল ইছলামলৈ ৷ ইফালে বিজয় পালে গাড়ীখন টুকুৰাটুকুৰ কৰি বিক্ৰী কৰি গাড়ীখন তেওঁ ক্ৰয় কৰাই নাই বুলি মিছা মতাৰ অভিযোগ চহিদুলৰ ৷

এই সন্দৰ্ভত ভুক্তভোগী চহিদুল ইছলামে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই ৷ সেয়ে ঘটনাৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী চহিদুল ইছলামে ৷

লগতে পঢ়ক: Watch | Rowta BTR EM Pressmeet:’হাগ্রামা মহিলাৰীয়ে চীফ হোৱাৰ বাসনা এৰিলেই একত্ৰিত হ’লহেতেন দুই আঞ্চলিকতাবাদী দল UPPL-BPF’