Local, Vocal, Global

Watch | Jagiroad news: জাগীৰোডৰ জাগী গোঁহাই চকী সাংস্কৃতিক চ’ৰাৰ প্ৰেক্ষাগৃহ আৰু মুল তোৰণৰ আধাৰ শিলা সম্পন্ন

জাগীৰোডৰ: জাগীৰোডৰ সমীপৰ ঐতিহ্যমণ্ডিত জাগী গোঁহাইচকী সাংস্কৃতিক চ’ৰাৰ পেক্ষাগৃহ আৰু মুল তোৰণৰ আধাৰশিলা সম্পন্ন হয়। সোণালী জয়ন্তী উৎসৱৰ বৰ্ষযোৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ হৈ থকাৰ সময়তে জাগী গোঁহাইচকী সাংস্কৃতিক চ’ৰাৰ বহু প্ৰত্যাশিত পেক্ষাগৃহৰ ৰবিবাৰে আধাৰশিলা স্থাপন কৰে তিৱা স্বায়ত্ব পৰিষদৰ সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে। লগতে জাগী অঞ্চলটোৰ গৌৰৱ- শিল্পী কনকেশ্বৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ তথা ভাস্কৰ্য শিল্পী বুবুল বৰুৱাই দান কৰা আৰু নিজা পৰিকল্পনাৰে নিৰ্মাণ কৰিব বিচৰা তোৰণ টোৰো একেলগে আধাৰশিলা স্থাপন হয়।

চ’ৰাৰ সভাপতি জগন্নাথ ভাগৱতীয়ে আঁত ধৰা, মাঙ্গলিক কাৰ্যৰে সম্পন্ন হোৱা এই আধাৰশিলা স্থাপন অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট, আমন্ত্ৰিত ব্যক্তিৰ লগতে চ’ৰাৰ কৰ্মকৰ্তা সকল আৰু অঞ্চলটোৰ প্ৰায় শতাধিক লোক উপস্থিত থাকে। উলেখ্য যে ১৯৭৫ চনতে স্থাপন হোৱা এই সাংস্কৃতিক চ’ৰাৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আগন্তুক অক্টোবৰ মাহৰ মাজভাগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমনিকাৰে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰি প্ৰস্তুতি অব্যাহত ৰাখিছে কৰ্মকৰ্তা সকলে।