Local, Vocal, Global

ডিজিটেল মাধ্যমত জগতগুৰু শংকৰদেৱৰ অমৰ সৃষ্টি ভক্তিমুলক গীত

নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : ডিজিটেল মাধ্যমত জগতগুৰু শংকৰদেৱৰ অমৰ সৃষ্টি ভক্তিমুলক গীতসমূহ সন্দৰ্ভত প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰিছে একাংশ সাংস্কৃতিক কৰ্মীয়ে ৷

মঙ্গলবাৰে নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় এটি ভক্তিমুলক গীতৰ ভিডিঅ’৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নামাকৰণেৰে প্ৰস্তুত কৰি উলিওৱা গীতটোত কণ্ঠদান কৰিছে নিৰ্মালী দেৱী বৰা আৰু কানু কন্দলিয়ে ৷ ভিডিঅ’ গীতটোত গীতে মাতে সজাইছে কানু কন্দলিয়ে ৷

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে গীতটো ৷ মঙ্গলবাৰৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বটদ্ৰৱা নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী, অসম নাট্য সন্মিলনি নগাঁও জিলা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মৃনাল কুমাৰ বৰাকে প্ৰমুখ্য কৰি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বিভিন্ন জিলাৰ প্ৰতিনিধি৷

শ্ৰীমন্তশঙ্কৰ শীৰ্ষক এই ভিডিঅ গীতটিত অভিনয় কৰিছে অনন্যা বৰা,জীৱনী শৰ্মা,শিৱানী বৰা,জ্যোতিস্মান মহন্ত,নৱ মহন্ত আৰু সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামীয়ে৷ নৃত্য নিৰ্দেশনা তৃষ্ণা ৰাজখোৱা৷ ৰূপসজ্জা প্ৰশান্ত বৰাৰ৷ দৃশ্যগ্ৰহণ আৰু সম্পাদনা মুন জ্যোতি নাথ আৰু মিক্সিং ষ্টুডিঅ’ পিটচ এণ্ড হাৰমনি৷