ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে এক দুঃখবৰ, ক্ৰীড়াবিদ বিশ্ব গগৈ আৰু নাই
নিউজ ডেস্ক, ৬ ছেপ্তেম্বৰ : ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনৰ বাবে এক দুখৰ খবৰ৷ প্ৰতিভাৱান ভলীবল খেলুৱৈ, উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰী বিশ্ব গগৈৰ ৫৭ বছৰ বয়সত মৃত্যু হয়।
ঢকুৱাখনৰ সুসন্তান বিশ্ব গগৈ নিউমনীয়াত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোৱালি লয়। বিগত সময় ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে মধুমেহত আক্ৰান্ত হৈ পিছত নেউমনিয়াৰ বাবে ডিব্ৰুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।
ঢকুৱাখনা মহকুমাৰ ২নং হিলৈদাৰী গাঁৱৰ প্ৰয়াত হৰি নাৰায়ণ গগৈৰ পুত্ৰ বিশ্ব গগৈয়ে কলেজীয়া দিনৰে পৰা ভলীবল আৰু এথলেটলিকছত বিশেষ পাৰদৰ্শিতা আছিল। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় পৰ্য্যায়ত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত পদক অর্জন কৰা গগৈয়ে ভলীবলত সুনাম অৰ্জন কৰিছিল৷ ডিব্ৰুগড় জিলাৰ বানীপুৰত বসবাস কৰি থকা গগৈয়ে ডিব্ৰুগড়ৰ অগ্ৰণী ক্ৰীড়া সংগঠন মিলনজ্যোতি সংঘৰ সক্ৰিয় ক্ৰীড়া সংগঠক আছিল।
ভলীবল আৰু এথলেটলিকছৰ প্ৰতি নৱ প্ৰজন্মক আগ্ৰহী কৰিবলৈ প্ৰয়াস কৰিছিল৷ মৃত্যুৰ সময়ত গগৈয়ে ইহসংসাৰত পত্নী ৰুণু মণি শইকীয়া, পুত্ৰ আৰু কন্যাক এৰি থৈ যায়। ক্ৰীড়াবিদগৰাকীৰ বিয়োগত ডিব্ৰুগড়ৰ মিলন জ্যোতিসংঘ, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰা-ছাত্ৰী নিবাস, প্ৰাক্তন আৱাসী সন্মিলন, ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা, ঢকুৱাখনা টাউন ক্লাব আদিয়ে গভীৰ শোক প্ৰকাশ কৰে৷