Local, Vocal, Global

ৰহাত অঘটন! চলন্ত ৰে’লৰ চেপাত থিতাতে নিহত এজন যুৱক…

ডিজিটেল ডেস্ক:- ৰহাত ভয়ংকৰ ঘটনা।ৰে’লৰ চেপাত মৃত্য়ু এজন যুৱকৰ।মংগলবাৰে পুৱাই সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।ৰহাৰ খাইগড়ত সংঘটিত হয়

নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী কলংপাৰ এক্সপ্ৰেছ ৰে’লৰ চেপাত নিহত এজন যুৱক। নিহত লোকজন ৰহাৰ পশ্চিম দীঘলদৰিৰ নগেন শৰ্মা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, মংগলবাৰে পুৱাই লোকজন ঘৰৰ পৰা ওলাই আহিছিল। অভিযোগ অনুসৰি, ঘৰত প্ৰায়েই কন্দলত লিপ্ত হৈ আছিল নিহত হোৱা লোকজনে।

পৰিয়ালৰ লোকে সন্দেহ কৰে যে যুৱকজনে আত্মহত্যা কৰে।কিয়নো কেইবাদিনৰ পৰা লোকজনে আত্মহত্যা কৰাৰো ভাবুকি দি আহিছিল ঘৰত।