উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা !থিতাতে নিহত ২জন…

ডিজিটেল ডেস্ক:- উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া উত্তৰ প্ৰদশৰ লখিমপুৰ খেৰী জিলাৰ ঢকেৰৱা-নিঘাছানৰ ৰাজ্যিক ঘাইপথত সংঘটিত হয় এই ভয়ানক পথ দুৰ্ঘটনাটো।এখন চাৰিচকীয়া বাহনেৰে গৈ থকা অৱস্থাত পথৰ কাষত ৰখাই থোৱা চুপাৰি ভৰ্তি ট্ৰাক এখনত খুন্দা মাৰে।
জানিব পৰা মতে দুৰ্ঘটনাটোত এজন ৩০ বছৰীয়া লোক আৰু তেওঁৰ ছবছৰীয়া পুত্ৰসহ দুয়োজন থিতাতে নিহত হয়।পৰিয়ালটোৰ আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, ছয়জনো ভুক্তভোগী বেলৰায়ান গাঁৱৰ বাসিন্দা।
নাছিৰ আহমেদ আৰু তেওঁৰ পুত্ৰ জাবিৰ থিতাতে নিহত হয়। ইফালে, নাছিৰৰ পত্নী জুলেখা, আৰু তেওঁলোকৰ দুই পুত্ৰ আৰু কন্যা ক্ৰমে সমীৰ, আমিৰ, আৰু খুছবু এই ঘটনাত গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাত আহত লোকসকলক প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এছ এইচ অ’জনে কয় যে, “মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।