ITI student brutally murdered in Margherita : লিডু ITI ৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ড;মাৰ্ঘেৰিটা থানাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত লিডু ITIৰ শিক্ষাৰ্থীৰ

মাৰ্ঘেৰিটা,৬জুন : আদিত্য ভুমিজৰ হত্যাকাৰীৰ উচিত শাস্তিৰ দাবীত উলাই আহিল ৰাইজ! মাৰ্ঘেৰিটা থানাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত লিডু ITIৰ শিক্ষাৰ্থীৰ
১ জুন তাৰিখে মাৰ্ঘেৰিটা নৃশংস হত্যাৰ বলি হৈছিল লিডু ITI ৰ এজন ছাত্ৰ। ঘৰলৈ গৈ থকা অৱস্থাত মাৰ্ঘেৰিটা চাহ বাগিচাত ৩ দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল ২১ বছৰীয়া যুৱক আদিত্য ভুমিজ নামৰ এজন যুৱকে। উক্ত ঘটনাৰ পাছতে মাৰ্ঘেৰিটাৰ একাংশ লোকে তিনি দোষীক নাবালক সজাই শাস্তিৰ পৰা ৰেহাই দিবলৈ পৰিকল্পনা হাতত লোৱাৰ অভিযোগ উত্থাপিত হৈছে(ITI student brutally murdered in Margherita)।
যাৰ পৰিপেক্ষিতত মৃত আদিত্য ভুমিজৰ পৰিয়াল আৰু লিডু ITI ৰ সহপাঠী সকল হাতে হাতে প্লেকাৰ্ড লৈ থানাৰ প্ৰৱেশদ্বাৰত উপস্থিত হয়। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত নামদাং,মাৰ্ঘেৰিটা,ডিৰক,ডিহিং আৰু লিডু বাগিচাৰ প্ৰৱেশদ্বাৰ আৰু মাৰ্ঘেৰিটা বলৰাম তিনিআলিত নিশা হলেই একাংশ উদণ্ড যুৱকে মদ,ভাং,ড্ৰাগছ আদি নিচাজাতীয় সামগ্ৰীসমূহ সেৱন কৰি বাহুবল দেখুৱায়।
যাৰ বাবে আজি মাৰ্ঘেৰিটা চাহ বাগিচা অঞ্চলৰ ৰাইজ আৰু গাওঁৰক্ষী বাহিনীয়ে যৌথভাৱে উদণ্ড যুৱকক নাকি লগাই হত্যাকাৰীয়ে যাতে কোনো কাৰণতেই মুক্তভাৱে বিচৰণ কৰিব নোৱাৰে তাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰি লিডুৰ ITI ৰ বিদ্যাৰ্থী সকলে মাৰ্ঘেৰিটা থানাৰ প্ৰৱেশদ্বাৰত বিভিন্ন শ্লোগান দি আকাশ বতাহ কঁপাই তুলে।
উল্লেখ্য যে মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত তিনি অভিযুক্ত ক্ৰমে দেব পাইক, গৌৰৱ কুমাৰ আৰু এলবাৰ্ট ছেত্ৰীক জেল হাজো লৈ প্ৰৰণ কৰা হৈছে।