Local, Vocal, Global

Sunil Chhetri to play his last international match against Kuwait today : অন্তিম বাৰৰ বাবে আজি খেলপথাৰত অৱতীৰ্ণ হ’ব সুনীল চেত্ৰী

নিউজ ডেস্ক,৬জুন : অন্তিম বাৰৰ বাবে আজি খেলপথাৰত অৱতীৰ্ণ হ’ব সুনীল চেত্ৰী। কুৱেইটৰ বিৰুদ্ধে ভাৰতৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ মেচত জয়েৰে বিদায় লোৱাৰ আশা খেলুৱৈগৰাকীৰ। আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আজি অৱসৰ ল’ব তাৰকাগৰাকীয়ে। সুদীৰ্ঘ দুটা দশকজোৰা পৰিক্ৰমাৰ অন্ত পেলাই বৃহস্পতিবাৰে আন্তৰ্জাতিক ফুটবলৰ পৰা অৱসৰ গ্ৰহণ ল’ব সুনীল ছেত্ৰীয়ে(Sunil Chhetri to play his last international match against Kuwait today)।

উল্লেখ্য যে, সুনীল ছেত্ৰীয়ে দেশৰ উপৰি বিভিন্ন ক্লাৱৰ হৈও খেলিছিল ফুটবল। মোহন বাগান, আই এছ এল আদি বিভিন্ন পেচাদাৰী প্ৰতিযোগিত তেঁও প্ৰতিভাৰ চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেঁওৰ নেতৃত্বতে ভাৰতীয় ফুটবলে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। আন্তৰ্জাতিক পৰ্যায়ত তেঁও খেলিছে ১৫০খন মেচ আৰু তেঁওৰ নামত আছে ৯৪টা গল।

বিশ্বৰ সৰ্বাধিক গল দাতাৰ তালিকাত সম্প্ৰতি তেঁওৰ স্থান চতুৰ্থ। ১২৮টা গলৰে শীৰ্ষত আছে ক্ৰিষ্টিয়ানা ৰোণাল্ড’। ভাৰতীয় ফুটবলৰ ক্ষেত্ৰত সুনীল চেত্ৰীৰ অৱদান অপৰিসীম। তেঁওৰ এই অৱদানৰ বাবে ক্ৰীড়াপ্ৰেমীয়ে সদায়ে তেঁওক মনত ৰাখিব(Sunil Chhetri to play his last international match against Kuwait today)।

লগতে পঢ়ক : ITI student brutally murdered in Margherita : লিডু ITI ৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ড;মাৰ্ঘেৰিটা থানাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত লিডু ITIৰ শিক্ষাৰ্থীৰ