Israel-Hamas war: হামাছে মুকলি কৰি দিলে যুদ্ধবন্দী ১০ ইজৰাইলীৰ লগতে ৪ থাই নাগৰিকক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ মাজতে মুকলি কৰি দিয়ে পণ বন্দীসকলক । দুয়োপক্ষই মুকলি কৰি দিয়ে বন্দীসকলক (Israel-Hamas war) ।
পুনৰ বুধবাৰে হামাছে ১৪ জন পণ বন্দীক মুকলি কৰি দিয়ে ।
ইজৰাইল প্ৰতিৰক্ষা বাহিনী চমুকৈ আই ডি এফে বুধবাৰে জাৰি কৰা এক তথ্য অনুসৰি, মঙলবাৰে নিশাৰ ভাগত হামাছে ১০ জন ইজৰাইলী আৰু চাৰিজন থাই নাগৰিকসহ ১৪ জনৰো অধিক কাৰাবন্দীক মুকলি কৰি দিছে ৷
দ্যা টাইমছ অব ইজৰাইলত প্ৰকাশ পোৱা বাতৰি অনুসৰি, ইজৰাইল-হামাছৰ যুদ্ধবিৰতি চুক্তিৰ অংশ হিচাপে হামাছে বন্দী কৰা ১৪ জনক মুকলি কৰি দিছে ৷ মুকলি কৰি দিয়া ১৪ জনক গাজা পট্টী পৰা ৰাফা সীমান্তৰে ইজিপ্তলৈ প্ৰেৰণা কৰা হৈছে বুলি দ্যা টাইমছ অফ ইজৰাইলৰ বাতৰিত প্ৰকাশ পাইছে(Hamas releases 10 Israelis, 4 Thai hostages on sixth day of truce) ৷
তদুপৰি দ্যা টাইমছ অব ইজৰাইলে প্ৰকাশ কৰা বাতৰি অনুসৰি, হামাছে মুকলি কৰা ১০ জন ইজৰাইলী নাগৰিক হ’ল ৰাজ বেন এমি, য়াৰ্ডেন ৰোমান, লিয়াট আটজিলি, মৰাণ ষ্টেলা য়ানাই, লিয়াম অৰ, ইটাই ৰেগেভ, অফিৰ এংগেল, অমিত শনি, গালি তৰ্শানস্কি আৰু ৰায়া ৰোটেম বুলি জানিব পৰা গৈছে(Hamas hands over 14 hostages after ‘logistical’ delay ) ৷
আনহাতে ইজৰাইলী সেনাই বাহৰ পাতি থকা কেৰেম শ্লো’ম সীমান্তলৈ লৈ যোৱা হ’ব মুক্তি পোৱা লোকসকলক ৷ য’ত তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰা হ’ব ৷ লগতে পৰিয়ালে বন্দীসকল চিনাক্ত কৰাত যাতে পলম নহয় তাৰ বাবেও বিশেষ ব্যৱস্থা ব্যৱস্থা গ্ৰহণ কৰিছে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ৷
উল্লেখ্য যে, শুকুৰবাৰৰ পৰা সোমবাৰলৈকে হামাছে মুকলি ৫০ জন বন্দীক মুকলি কৰি দিয়ে ।
লগতে পঢ়ক : India welcomes release of Israeli hostages by Hamas : ইজৰাইলী পণবন্দীৰ মুক্তিক স্বাগতম ভাৰতৰ