Local, Vocal, Global

Israel-Hamas war: ইজৰাইল-হামাছৰ যুদ্ধত স্থানচ্যুত ২,৫০,০০০ ইজৰাইলী

ইণ্টাৰনেশ্যনেল ডেস্ক, ১নৱেম্বৰ : অব্যাহত আছে ইজৰাইল আৰু পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই ।বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ লৈছে(Israel-Hamas war) ।

অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । এই আক্ৰমণ-প্ৰত্যাক্ৰমণ মাজতে অকালতে প্ৰাণ হেৰুৱাব কৰিবলগীয়া হৈছে দুয়োখন দেশৰ হেজাৰ হেজাৰ নিৰপৰাধী লোকে(2,50,000 Israelis displaced, bodies still being identified) ৷

ইজৰাইল-হামাছৰ যুদ্ধৰ ফলত এতিয়ালৈকে প্ৰায় ২,৫০,০০০ ইজৰাইলী স্থানচ্যুত হৈছে ৷ ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে স্থানীয় পৰিষদৰ সৈতে কাম কৰি আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইজৰাইলৰ এগৰাকী জ্যেষ্ঠ সামৰিক বিষয়াই জানিবলৈ দিয়া মতে, ২৯ খনকৈ আঞ্চলিক পৰিষদৰ শিশু যুদ্ধৰ ফলত আশ্ৰয়হীন হৈ পৰিছে । মৃতদেহৰ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ইজৰাইল কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, ৭ অক্টোবৰত হামাছে আৰম্ভ কৰিছিল ৷ হামাছে চলোৱা আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্তসকলক চিনাক্ত কৰিবলৈ ইজৰাইল কৰ্তৃপক্ষক ২ সপ্তাহতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল বুলি জানিব পৰা গৈছে ৷

ইফালে কিবুটজ কফাৰ আজাত এগৰাকী মহিলাৰ ঘৰত অগ্নিসংযোগ কৰাৰ লগতে মহিলাগৰাকীৰ দেহত জুই জ্বলাই দিয়া হৈছিল আৰু তেওঁৰ স্বামীক হত্যা কৰা হৈছিল বুলি জানিব দিয়ে ইজৰাইলী কৰ্তৃপক্ষই ৷

কৰ্তৃপক্ষই এই সন্দৰ্ভত কয়, “কফাৰ আজা এটা আৱাসিক এলেকা ৷ কোনেও তাত দুৱাৰত তলা লগোৱা নাছিল আৰু চাইকেলবোৰ চৌদিশে আছিল । তিনিদিন আগতে কফাৰ আজাত আমি জুইত ভস্মীভূত হোৱা এটা ঘৰ পৰীক্ষা কৰিছিলো যিটো সম্পূৰ্ণৰূপে জ্বলি গৈছিল । ঘৰটোত কেবাবাৰো নিৰীক্ষণ কৰা হৈছিল যদিও একো পোৱা হোৱা নাছিল ৷ ইয়াৰ পিছত এদল পুৰাতত্ত্ববিদক উক্ত ঘৰটোলৈ অনা হৈছিল ৷ ঘৰটোৰ গৰাকীক মৃত ঘোষণা কৰা হৈছিল আৰু তেওঁৰ পত্নীক নিৰুদ্দেশ ঘোষণা কৰা হৈছে ৷”

ইজৰাইলী লোকসকলক নিৰাপত্তা প্ৰদানৰ বাবে প্ৰশাসনে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে ৷ হোম ফ্ৰন্ট কমাণ্ডৰ ডেন জিলাৰ মুৰব্বী কৰ্ণেল হাই ৰেকাহে কয় যে যুদ্ধৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ বাবে ৩০০খন হোটেলৰ এটা ৰাষ্ট্ৰীয় কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, য’ত মধ্য ইজৰাইলৰ ১০০খন হোটেলো আছে(2,50,000 Israelis displaced, bodies still being identified) ।”

ইফালে নিজৰ আপোনজনৰ সন্ধানত পৰিয়ালসমূহ চিন্তাক্লিষ্ট হৈ আছে ৷ হোম ফ্ৰন্ট কমাণ্ডে মুকলি কৰা ৰাষ্ট্ৰীয় কেন্দ্ৰই আৰক্ষী আৰু স্থানীয় কৰ্তৃপক্ষৰ প্ৰতিনিধিৰ সৈতে মিলি এতিয়ালৈকে ৮০০ৰো অধিক পৰিয়ালক তেওঁলোকৰ বিষয়ে অৱগত কৰিছে । হোম ফ্ৰন্ট কমাণ্ডৰ মুৰব্বীগৰাকীয়ে হতাহতক চিনাক্ত কৰাটো অতি কঠিন আছিল বুলি উল্লেখ কৰে চিনাক্তকৰণ প্ৰক্ৰিয়া শেষ কৰাৰ পিচত ১০০ টাতকৈও অধিক পৰিয়ালক এই বিষয়ে অৱগত কৰিবলৈ থকাৰ কথা ব্যক্ত কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্য়াহুৱে মঙলবাৰে বিদেশী সংবাদ মাধ্যমলৈ এক বিবৃতি জাৰি কৰি হামাছৰ সামৰিক আৰু শাসনৰ ক্ষমতা ধ্বংস কৰাৰ লক্ষ্যৰে যুদ্ধ অব্যাহত আছে বুলি জনায় । নেতান্য়াহুৰ নিৰ্দেশনা অনুসৰি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপত স্থল আক্ৰমণ বৃদ্ধি কৰিছে আৰু শেষত হামাছে পৰাজয়বৰণ কৰিব বুলি দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে ।

লগতে পঢ়ক :US President Joe Biden to meet Chinese counterpart Xi Jinping in November : আমেৰিকা ভ্ৰমণ কৰিব চীনা নেতা ঝি জিনপিঙে