Local, Vocal, Global

কফি আপোনাৰ প্ৰিয় নে?দিনটোৰ আৰম্ভণি কৰক একাপ কফিৰে ,কাৰণ কফি আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী !

কফি খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী।কফিত আছে বহুটো উপকাৰীতা।

বহুতৰে ৰুটিনত কফি বাধ্যতামূলক।বহু লোকে দিনটোৰ আৰম্ভণি একাপ সুন্দৰ কফিৰে সৈতে কৰা দেখা যায়। সুস্বাদু আৰু স্বাস্থ্যকৰ কফি খালে দেহত যথেষ্ট সতেজতাও অনুভৱ কৰা হয়।

দৈনিক এক কাপ কফি খোৱা লোকসকল সতেজ হৈ থকাৰ লগতে তেওঁলোকে কমকৈ অৱসাদ অনুভৱ কৰে। ইয়াৰ উপৰিও কফিয়ে শৰীৰত থকা হজমকাৰী হৰমণ সক্ৰিয় কৰি তোলে যাৰ ফলত পাচন প্ৰক্ৰিয়া ভাল হয়।কফিত থকা প্ৰাকৃতিক তেলে শৰীৰত কলোষ্টৰেলৰ উৎপাদন হ্ৰাস কৰে ।

কিন্তু অত্যাধিক কফি খালে আমাৰ স্বাস্থ্যৰ বাবে ই হ’ব পাৰে ক্ষতিকাৰক।আমাৰ দৈনন্দিত জীৱনত ইয়াৰ বিপৰীত প্ৰভাৱো আছে। কফিত থকা কেফেইনে শৰীৰত একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ৰাতি কফি নোখোৱাই ভাল কাৰণ শৰীৰ আৰু মস্তিষ্ক সুস্থ ৰাখিবলৈ পৰ্যাপ্ত টোপনি প্ৰয়োজনীয় কফিত থকা কেফেইনে টোপনিত ব্যাঘাত জন্মাব পাৰে।