Local, Vocal, Global

Irate Mob Beats Woman To Death In Lakhimpur : পুনৰ মৰেল পুলিচিঙৰ ঘটনা; ৬ -৭ জনীয়া উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ’ল এগৰাকী মহিলাৰ

নিউজ ডেস্ক,৯মে’ : ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা (Irate Mob Beats Woman To Death In Lakhimpur)। ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনা প্ৰায় সংঘটিত হৈ আছে । এইবাৰ লখিমপুৰত সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা।

জানিব পৰা মতে, লখিমপুৰৰ বগীনদীত সংঘটিত হৈছে মৰেল পুলিচিঙৰ জঘন্য কাণ্ড। ৬ -৭ জনীয়া উদণ্ড যুৱকৰ প্ৰহাৰত প্ৰাণ গ’ল এগৰাকী মহিলাৰ। নিহত মহিলাগৰাকীৰ অৱন্তী দাস বুলি জানিব পৰা গৈছে ।

অভিযোগ অনুসৰি, এগৰাকী মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগত এটা যুৱকৰ দলে অৱন্তী দাসৰ পুত্ৰক খুটাত বান্ধি প্ৰহাৰ কৰিছিল। পুত্ৰক বচাবলৈ গৈ উদণ্ড যুৱকৰ দলটোৰ প্ৰহাৰত গুৰুত্বৰভাৱে আহত হয় মাতৃ। আহত মাতৃক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসাৰ পূৰ্বে মৃত্যু হয়। সম্প্ৰতি এজাহাৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে(Irate Mob Beats Woman To Death In Lakhimpur)।

লগতে পঢ়ক : Former Assam Minister Thaneswar Boro Hospitalised : হঠাৎ স্বাস্থ্যৰ অৱনতি প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ