Local, Vocal, Global

Iran to hold funeral processions for Raisi on Tuesday : আজি সম্পন্ন কৰা হ’ব ইব্ৰাহিম ৰাইছিৰ নশ্বৰদেহৰ শেষকৃত্য

নিউজ ডেস্ক,২১মে’ : আজি সম্পন্ন কৰা হ’ব ইব্ৰাহিম ৰাইছিৰ নশ্বৰদেহৰ শেষকৃত্য ৷ তবৰীজ চহৰত শেষকৃত্য সম্পন্ন কৰা হ’ব ইৰানৰ ৰাষ্ট্ৰপতিৰ নশ্বৰদেহ৷ ৰাষ্ট্ৰপতি ৰাইছিৰ মৃত্যুত ইৰানত ৫দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা(Iran to hold funeral processions for Raisi on today) ৷

উল্লেখ যে দেওবাৰে ইৰানৰ পূব আজাৰবাইনত সংঘটিত হৈছিল এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। হেলিকপ্টাৰখনত থকা ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী আৰু বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ান আছিল । এক চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি আহি আছিল আৰু সেই সময়তে এক ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল। সেই দুৰ্ঘটনাত মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ(Iran to hold funeral processions for Raisi on Tuesday)।

লগতে পঢ়ক : Massive fire breaks out at Teok : টীয়কৰ চিৰাম মিছিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিকৰ টকাৰ সা-সম্পত্তি