Local, Vocal, Global

IPL এ কাল হ’ল অভয়াপুৰীত

অভয়াপুৰীত IPL জুৱা লৈ দুই ফৈদৰ সংঘাত। বুধবাৰে নিশা অভয়াপুৰীৰ থানাৰ অন্তৰ্গত ডুমুৰীয়াত IPL জুৱা লৈ দুই ফৈদৰ মাৰপিট হয়৷ যাৰ ফলত দুই পক্ষৰ ৫ জন আহত হয়। আহত সকলোক অভয়াপুৰীৰ চিকিৎসালয়ত লৈ আহে যদিও ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে ৷আহতসকল হল আছৰাফুল ইছলাম, আক্ৰামুল ইছলাম, ছাহ আলম, ছালাম আলী আৰু ছাদ্দাম হুছেইল ৷
বিগত কিছুদিনৰ পৰা অভয়াপুৰীৰ আশে পাশে আঞ্চলসমুহত IPL জুৱা প্ৰচলিত হৈছে ৷ অভয়াপুৰীৰ ডুমুৰীয়াত IPL জুৱাৰ বিষয়ে স্থানীয় ৰাইজে লেংটীছিঙাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনক কেবাদিনো অৱগত কৰিছিল যদিও, বিষয়াগৰাকী গা এৰা মন্তব্য কৰে ৷ যাৰ ফলত বুধবাৰৰ নিশা এই ঘটনা সংঘটিত হব পালে ৷ ইতিমধ্যে IPL জুৱায় বহু অভয়াপুৰীৰ বহু লোকক ধ্বংস কৰিছে ৷