Local, Vocal, Global

IPLত অসম সন্তান ৰিয়ান পৰাগৰ নতুন অভিলেখ

এখন টুৰ্ণামেন্টত সৰ্বাধিক কেটচ ধৰাৰ অভিলেখ নিজৰ নাম কৰিলে অসম সন্তান ৰিয়ান পৰাগে । চলিত IPLত এই পৰ্যন্ত ৰিয়ানে ১৪টা কেটচ ধৰিছে । শুকুৰবাৰে চেন্নাইৰ বিৰুদ্ধে হোৱা মেচখনত অভিলেখ ৰচিলে ৰিয়ানে। নাৰায়ন জগদীশানৰ কেটচ ধৰি অভিলেখৰ গৰাকী হল ৰিয়ান পৰাগ।



পূৰ্বে দুজনকৈ ভাৰতীয় ক্ৰিকেটাৰে ধৰিছিল ১৩টা কৈ কেটচ। ৰবীন্দ্ৰ যাদেজাই দুবাৰ, ৰোহিত শৰ্মাই এবাৰ লাভ কৰিছিল সাফল্য। ভাৰতীয়সকলৰ ভিতৰত এতিয়া শীৰ্ষত ৰিয়ান পৰাগ।

সামগ্ৰীকভাৱে এটা চিজনত সৰ্বাধিক কেটচ ধৰিছে এবি ডি ভিলিয়াৰচ। ২০১৯ চনত ১৯টা কেটচ ধৰিছিল এবি ডি ভিলিয়াৰচে।