বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা কৰ্তন ৰ সম্ভাৱনা
ভয়ংকৰ সৌৰ ধুমুহা অহাৰ আশংকা । সৌৰ ধুমুহাৰ বাবেই বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা বিধ্বস্ত হ’ব পাৰে । সমগ্ৰ সৌৰ মণ্ডলক বিপদৰ মুখত ঠেলি দিব পাৰে সৌৰ ধুমুহাই । কেইবা সপ্তাহ বা কেইবা মাহৰ বাবেও ঘটিব পাৰে এই সৌৰ ধুমুহা । বিজ্ঞানী তথা গৱেষক সকলক উদ্বিগ্ন কৰি তুলিছে কৰ’নাল মাছ ইজেকশ্যন অৰ্থাৎ সৌৰ ধুমুহাই ।
আমেৰিকাৰ কেলিফ’ৰ্ণিয়া বিশ্ব বিদ্যালয়ে প্ৰকাশ কৰিছে গৱেষণা পত্ৰ । ইয়াৰ পূৰ্বে ১৮৫৯ আৰু ১৯২১ চনত আহিছিল এনে সৌৰ ধুমুহা । প্ৰতি ১০০ বছৰৰ পিছত ভয়ংকৰ সৌৰ ধুমুহাৰ সন্মুখীন হ’ব পৃথিৱী বাসীয়ে । সৌৰ ধুমুহাৰ বাবেই ১৯৮৯ চনৰ মাৰ্চ মাহত ৯ ঘন্টা লৈ আন্ধাৰত ডুব গৈছিল কানাডাৰ সমগ্ৰ কুইবেক ।
তেনে ধৰণৰ পৰিস্থিতিৰেই পুনৰ সংঘটিত হ’ব বুলি সন্দেহ কৰিছে বিজ্ঞানী তথা গৱেষক সকলে । বিশ্বৰ ইন্টাৰনেট যোগাযোগ ব্যৱস্থা ব্যাঘাত জন্মাৰ কথাও উল্লেখ কৰিছে গৱেষক সকলে ।