Local, Vocal, Global

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত যাত্ৰীৰ মৃত্যু !কৰাচীত জৰুৰী অৱতৰণ…

ডিজিটেল ডেস্ক:-দিল্লী-দোহা ইণ্ডিগোৰ এখন বিমানৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।ভাৰতৰ পৰা যাত্ৰা কৰা ইণ্ডিগ’ বিমানে আজি পাকিস্তানত জৰুৰী অৱতৰণ কৰে।

জানিব পৰা মতে,সোমবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত দিল্লীৰ পৰা দোহালৈ যাত্ৰা কৰা বিমানখনত থকা এজন বিদেশী যাত্ৰী হঠাতে অসুস্থ হৈ পৰে।লোকজনৰ অৱস্থা দেখি পাইলতে বিমান খনৰ জৰুৰী অৱতৰণ কৰাৰ সিদ্ধান্ত লয়।ইণ্ডিগ’এয়াৰলাইনৰ বিমানখনে পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰে।

ইণ্ডিগো এয়াৰলাইন ফ্লাইট 6E-1736ৰ এজন যাত্ৰীয়ে বিমানখনৰ মাজত অসুস্থ অনুভৱ কৰিছিল আৰু পাইলটজনে তেতিয়াই কৰাচী এয়াৰ ট্ৰেফিক কণ্ট্ৰোলৰ সৈতে যোগাযোগ কৰিছিল আৰু চিকিৎসাজনিত জৰুৰী কালীন পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিল।দুৰ্ভাগ্যজনক ভাৱে অসুস্থ হৈ পৰা বিদেশী যাত্ৰীগৰাকীৰ মৃত্যু হয়।যাত্ৰীজন নাইজেৰিয়ান নাগৰিক।মৃত ব্যক্তিজনৰ নাম আব্দুল বুলি জানিব পৰা গৈছে।