Local, Vocal, Global

India’s women’s cricket team has made history:ভাৰতৰ ইতিহাস ৰচনা মহিলা ক্ৰিকেট দলৰ

২ ফেব্ৰুৱাৰী ২০২৫ ৱেবডেস্ক : ভাৰতৰ ইতিহাস ৰচিলে মহিলা ক্ৰিকেট দলে।একেৰাহে দ্বিতীয়বাৰলৈ মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ দখল – IND VS SA U19 WORLD CUP।কুৱালালামপুৰৰ বায়ুমাছ অ’ভেলত দেওবাৰে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হয় আই চি চি মহিলা টি-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন ।১৯ বছৰ অনুৰ্ধৰ মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰি ভাৰতে এক ঐতিহাসিক জয় পঞ্জীয়ন কৰে । ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে ১৯ বছৰ অনুৰ্ধৰ মহিলা টি-২০ বিশ্বকাপত জয়লাভ কৰিছে । চূড়ান্ত খেলখনত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাক ৯ উইকেটত পৰাস্ত কৰে । দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ২০ অভাৰত ৮২ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১১.২ অভাৰত ১ উইকেটৰ বিনিময়ত ৮৪ ৰাণ সংগ্ৰহ কৰি মেচখন জয়ী হয় । গোংগাড়ি তৃষা (৪৪ নট আউট) আৰু শনিকা চলিকে (২৬ নট আউট)ৰ উজ্জ্বল ইনিংছৰ সহায়ত দলটোৱে ১১.২ অভাৰত ৮৪ ৰাণ সংগ্ৰহ কৰি চূড়ান্ত মেচখন ভাৰতৰ নামত কৰাত সহায় কৰে ।