Local, Vocal, Global

Indias GST collections rise : জিএছটিৰ বাবে মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ লগতে গ্ৰাহকে ন্যায় লাভ কৰিছে: নিৰ্মলা সীতাৰমণ

নেশ্যনেল ডেস্ক, ২ জুলাই : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে উল্লেখ কৰে যে, পূৰ্বৰ চৰকাৰৰ তুলনাত সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰ হ্ৰাস কৰি গ্ৰাহকক ন্যায় প্ৰদান কৰা হৈছে । তেওঁ আৰু কয় যে জি এছ টিৰ ফলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ৰে ৰাজহ সংগ্ৰহ বৃদ্ধি পাইছে । জি এছ টি কাৰ্যকৰী হোৱাৰ পূৰ্বে ভাৰতৰ পৰোক্ষ কৰ সংগ্ৰহৰ ব্যৱস্থাটো খণ্ডিত হৈ আছিল, য’ত প্ৰতিখন ৰাজ্যতে কাৰ্যকৰীভাৱে উদ্যোগৰ লগতে গ্ৰাহকৰ বাবে এখন সুকীয়া বজাৰ দেখিবলৈ পোৱা গৈছিল (Nirmala Sitharaman on GST) ।

ৰাহুল গান্ধীক সমালোচনা : জি এছ টিক ‘গব্বৰ সিং’ কৰ বুলি অভিহিত কৰাৰ লগতে জি এছ টিয়ে কৰৰ বোজা বৃদ্ধি কৰিব বুলি ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই বক্তব্যক লজ্জাজনক বুলি অভিহিত কৰে । লগতে তেওঁ কয় যে, জিএছটিৰ পূৰ্বে মূৰত ঘহা তেল, টুথপেষ্ট, চাবোন, পাৰফিউম আৰু ডিটাৰ্জেণ্টৰ ওপৰত গড় হিচাপত কৰৰ বোজা আছিল প্ৰায় ২৮ শতাংশ । পৰৱৰ্তী সময়ত জিএছটিৰ অধীনত ইয়াক ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছিল । তাৰোপৰি বহু সাধাৰণ ব্যৱহাৰৰ সামগ্ৰী আৰু সেৱাক জনসাধাৰণৰ সুবিধাৰ বাবে জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে ।

শনিবাৰে বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি জুন মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহৰ পৰিমান ১২ শতাংশ বৃদ্ধি হৈ ১.৬১ লাখ কোটি টকাৰো অধিক হৈছে ( Indias GST collections rise) । ছবছৰ পূৰ্বে অৰ্থাৎ ২০১৭ চনৰ ১ জুলাইৰ পৰা জি এছ টিৰ ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছৰে পৰা চতুৰ্থবাৰৰ বাবে মুঠ ৰাজহ সংগ্ৰহৰ পৰিমান ১.৬০ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে । বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ বৰ্ষৰ প্ৰথম তিনিমাহত (এপ্ৰিল-জুন) মাহিলী মুঠ জি এছ টি সংগ্ৰহৰ গড় হিচাপ ক্ৰমে ১.১০ লাখ কোটি, ১.৫১ লাখ কোটি আৰু ১.৬৯ লাখ কোটি টকা । বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ কৰ বিষয়াসকলক তেওঁলোকৰ “নিষ্ঠা, প্ৰতিশ্ৰুতি আৰু ধৈৰ্য্য”ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে, যিসকলৰ বাবে মাহিলী ১.৬০ লাখ কোটি টকাৰো অধিক জিএছটি সংগ্ৰহ এতিয়া এক “স্বাভাৱিক” পৰিঘটনা হৈ পৰিছে ।

সীতাৰমণে কয়, ‘সাধাৰণ গ্ৰাহকৰ কথাই হওক অথবা ৰাজ্য চৰকাৰৰ কথাই হওক, কৰ ফাঁকিৰ কথাই হওক অথবা ডিজিটেল আৰু সৰল কৰ ব্যৱস্থাই হওক, জিএছটিয়ে এক উদাহৰণ হিচাপে থিয় দিছে ।’

জিএছটি দিৱস ২০২৩ উপলক্ষে আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদৰ (চিবিআইচি) অধ্যক্ষ বিবেক জোহৰীয়ে কয় যে বৃহত্তৰ অৰ্থনীতি আৰু কৰদাতাৰ বাবে জিএছটিৰ লাভালাভবোৰ এতিয়া সকলোৰে বাবে সুপৰিচিত ।

তেওঁ কয়, “আজি আমি আকৌ এবাৰ ৰাজহ বিভাগৰ উন্নত দক্ষতা দেখিবলৈ পাইছো, য’ত জুন মাহৰ ৰাজহ সংগ্ৰহ ১.৬০ লাখ কোটি টকাতকৈও অধিক হৈছে । ই উন্নত কৰ অনুসৰণ আৰু বজাৰ সংহতিক প্ৰতিফলিত কৰিছে । তেওৰ বক্তব্যত উল্লেখ কৰা অনুসৰি, ২০২৩ চনৰ জুন মাহত মুঠ জি এছ টিৰ ৰাজহ সংগ্ৰহৰ পৰিমান হৈছে ১,৬১,৪৯৭ কোটি টকা । ইয়াৰ ভিতৰত কেন্দ্ৰীয় জি এছ টি ৩১,০১৩ কোটি, ৰাজ্যিক জি এছ টি ৩৮,২৯২ কোটি, সংহত জি এছ টি ৮০,২৯২ কোটি (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা ৩৯,০৩৫ কোটি টকাকে ধৰি) অন্তৰ্ভুক্ত।

ইয়াৰ উপৰিও, উপকৰ হৈছে 11,900 কোটি টকা (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা 1,028 কোটি টকাসহ)।

২০২৩ চনৰ জুন মাহলৈকে ৰাজহ সংগ্ৰহ যোৱা বছৰৰ একে মাহৰ তুলনাত ১২ শতাংশ বৃদ্ধি পাইছে । পৰ্যালোচনাধীন মাহটোত, ঘৰুৱা লেনদেনৰ পৰা ৰাজহ (সেৱা আমদানি সহ) সংগ্ৰহ বছৰি 18 শতাংশ বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে এপ্ৰিল মাহত ১.৮৭ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহৰ অভিলেখেৰে শীৰ্ষত উপনীত হৈছিল । একেধৰণে মে’ মাহত ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ১.৫৭ লাখ কোটি টকা ।

লগতে পঢ়ক: 17th Indian Cooperative Congress : বছৰি কৃষক আৰু কৃষিৰ কল্যাণৰ বাবে ৬.৫ লাখ কোটি টকা ব্যয় কেন্দ্ৰীয় চৰকাৰৰ