Local, Vocal, Global

17th Indian Cooperative Congress : বছৰি কৃষক আৰু কৃষিৰ কল্যাণৰ বাবে ৬.৫ লাখ কোটি টকা ব্যয় কেন্দ্ৰীয় চৰকাৰৰ

নেশ্যনেল ডেস্ক,১ জুলাই : শনিবাৰে দিল্লীত অনুষ্ঠিত হৈছে সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছ সমিতি(17th Indian Cooperative Congress) । এই অনুষ্ঠানৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীক বিজেপি চৰকাৰৰ গুণগান কৰা হৈছে (Govt spends Rs 6.5 lakh crore annually on agriculture)। কৃষি আৰু কৃষকৰ উন্নয়নৰ বাবে ইউপিএ চৰকাৰৰ তুলনাত বিজেপিয়ে তিনিগুণ ব্যয় কৰিছে (17th Indian Cooperative Congress)।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে কৃষক আৰু কৃষিৰ কল্যাণৰ বাবে ৬.৫ লাখ কোটি টকা খৰচ কৰি আহিছে । এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (17th Indian Cooperative Congress)।

শনিবাৰে দিল্লীত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰত (IECC) সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছ উদ্বোধন কৰাৰ সময়তে তেওঁ এই কথা ঘোষণা কৰে (17th Indian Cooperative Congress)।

এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহও উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ইউপিএ চৰকাৰে ২০১৪ চনৰ পূৰ্বে ৫ বছৰত কৃষি ক্ষেত্ৰৰ বাবে ৯০,০০০ কোটি টকা খৰচ কৰিছিল । কিন্তু বিজেপিয়ে তাৰ তুলনাত ‘প্ৰধানমন্ত্ৰী কৃষি আঁচনি’ত তিনিগুণ অধিক ব্যয় কৰিছে(Govt spends Rs 6.5 lakh crore annually on agriculture) ।

আনহাতে সমবায়সমূহকো কৰ্পোৰেট খণ্ডৰ দৰে সুবিধা আৰু মঞ্চ দিয়া হৈছে বুলিও তেওঁ দাবী কৰে । ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লগতে কয় যে কৃষকসকলক কেৱল প্ৰতিশ্ৰুতি দিয়াই নহয় তেওঁলোকৰ বাবে কামো কৰা হৈছে । বিজেপি চৰকাৰে ডিজিটেল ইণ্ডিয়াক প্ৰচাৰ কৰিছে, যাৰ ফলত হিতাধিকাৰীসকলৰ ওচৰত পোনপটীয়াকৈ প্ৰত্যক্ষ লাভালাভ গৈ পাইছে । নগদ লেনদেনৰ ওপৰত নিৰ্ভৰশীলতা নাইকীয়া কৰাৰো লক্ষ্য আগত ৰাখিছে বিজেপি চৰকাৰে ।

ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰতৰ আধিপত্যই বিশ্বত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে দাবী কৰে । ডিজিটেল লেনদেন সমবায় খণ্ডতো অন্তৰ্ভুক্ত কৰা প্ৰয়োজন বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে কয় ।

প্ৰধানমন্ত্ৰীয়ে জনোৱা অনুসৰি ৯ বছৰত চেনী কলৰ পৰা ৭০,০০০ কোটি টকাৰ ইথানল ক্ৰয় কৰা হৈছিল । খোৱা তেল আৰু মাহজাতীয় শস্যৰ আমদানি হ্ৰাস কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে সমবায়সমূহে দেশক স্বাৱলম্বী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে গাখীৰ পাউডাৰৰ পৰা আৰম্ভ কৰি মাখন অথবা ঘিউলৈকে বিশ্বত ভাৰতীয় উৎপাদনৰ চাহিদা আছে । ভাৰতৰ বাজৰাৰ বাবেও এখন নতুন বজাৰ স্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । চৰকাৰৰ শ্ৰী অন্ন আঁচনি দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে উপাৰ্জনৰ এক উত্তম সুযোগ হ’ব পাৰে বুলিও তেওঁ আশা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে পৃথক মীন মন্ত্ৰালয়ৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপিত হৈ আহিছে আৰু সেই দাবী চৰকাৰে পূৰণ কৰিছে ।

লগতে পঢ়ক : Maharashtra bus accident: বাছ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ, মৃতকৰ আত্মীয়লৈ ২ লাখ টকাকৈ এককালীন সাহাৰ্য