Local, Vocal, Global

মৰিগাঁওত জাতীয় পতাকাক চুড়ান্ত অপমান

মৰিগাঁও চহৰৰ মাজমজিয়াত মৰিগাঁও আৰক্ষীৰ চকুৰ আগতে স্বাধীনতা দিৱসৰ দিনা উত্তোলন কৰা জাতীয় পতাকা ১৬ আগষ্টৰ দিনৰ ১২ বজালৈ উৰি থাকিল কিন্তু চকুত নপৰিল মৰিগাঁও সদৰ  আৰক্ষীৰ।

 

উল্লেখ্য যে মৰিগাঁও চহৰ স্থিত এজন অনা অসমীয়া ব্যবসায়ীয়ে  কাঠৰ দোকানৰ সন্মুখত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা পুৱা উত্তোলন কৰিছিল জাতীয় পতাকা কিন্তু ব্যৱসায়ী গৰাকীয়ে ১৬ আগষ্টৰ দুপৰীয়ালৈকে উৰুৱাই থলে  জাতীয় পতাকা।

সাংবাদিকৰ কেমেৰা দেখি হে তত আহিল ব্যবসায়ী গৰাকীৰ, ততাতৈয়াকৈ এগৰাকী কৰ্মচাৰীৰ হতোৱাই অৱনমিত কৰে জাতীয় পতাকা।

এতিয়া প্ৰশ্ন হয় আৰক্ষী চকুৰ সন্মুখতে মৰিগাঁও চহৰৰ মাজমজিয়াত এনেদৰে জাতীয় পতাকা উৰি থাকিব পাৰিলে কেনেকৈ?