লকডাউন ভাৰতৰ বাবে আৰ্শীবাদ। কিন্তু কিয়?

সমগ্ৰ বিশ্বত কাল কৰ’নাৰ ভয়াৱহতা। ভাৰতত এই পৰ্যন্ত ১২,৩৮,০১৩ লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে মৃত্যু হৈছে ২৯,৮৮৭ গৰাকী লোকৰ। কৰ’নাৰ ভয়াৱহতাৰ স্থবিৰ হৈছে দেশ। বন্ধ হৈ পৰিছে যাতায়ত,নাই ৰেল কিম্বা অন্য বাহনৰ চলাচল ! বন্ধ হৈ আছে উদ্যোগ সমুহৰ কাম-কাজ। অসুবিধাত সমগ্ৰ দেশবাসী। কিন্তু শেহতীয়াকৈ কৰ’নাৰ ভয়াৱহতাৰ মাজতে দেশবাসীলৈ আহিছে এক সুখবৰ। লকডাউনৰ বাবে দেশত হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা। লকডাউনৰ সময়চোৱাত দেশৰ কেইবাখনো বৃহৎ চহৰৰ লগতে সমগ্ৰ দেশত ৪০শতাংশৰ পৰা ৫০ শতাংশ হ্ৰাস পাইছে প্ৰদূষণ। ২৫ মাৰ্চৰ পৰা দেশজুৰি আৰম্ভ কৰা লকডাউনৰ বাবেই বিগত বছৰৰ তুলনাত ৰোধ হৈছে বহু প্ৰদূষণৰ মাত্ৰা। উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত চহৰ দিল্লীত বিগত বছৰতকৈ ৪৬শতাংশ প্ৰদূষণ হ্ৰাস পাইছে। অসমতে বিগত বৰ্ষৰ তুলনাত ৰোধ হৈছে প্ৰদূষণ। যাৰ বাবে বিগত বৰ্ষৰ তুলনাত বৃদ্ধি পাইছে বৰষুণৰ মাত্ৰা।