Local, Vocal, Global

ভাৰত-ম্যানমাৰ সীমান্তত কটকটীয়া নিৰাপত্তা ভাৰতীয় সেনাৰ

দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে শনিবাৰে মণিপুৰত অসম ৰাইফলছৰ ওপৰত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দি ষড়যন্ত্ৰকাৰীক শীঘ্ৰেই কাঠগৰালৈ অনা হ’ব বুলি মন্তব্য কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসম ৰাইফলছৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা দুখজনক আখ্যা দিয়াৰ লগতে এই আক্ৰমণত প্ৰাণ হেৰুওৱা মহান যোদ্ধা সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

উল্লেখযোগ্য যে, শনিবাৰে মণিপুৰৰ ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা ভয়ংকৰ এম্বুশ্বত এজন ভাৰতীয় সেনাৰ কামাণ্ডিং অফিচাৰকে ধৰি তেওঁৰ পত্নী আৰু ছয়বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ লগতে অন্য দুজন জোৱানৰ কৰ্তব্যৰত অৱস্থাত নিধন হয়।

আনহাতে, অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতীয় সেনা বাহিনীয়ে ভাৰত-ম্যানমাৰ সীমান্তত পহৰা কটকটীয়া কৰি তুলিছে।

আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাসবাদীয়ে যাতে সীমান্ত অতিক্ৰম কৰি পলায়ন কৰিব নোৱাৰে তাৰবাবে ভাৰতীয় সেনা বাহিনীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে ভাৰতীয় সেনাৰ উচ্চ পৰ্যায়ৰ দলে এই সমষ্ট প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো মণিপুৰত অসম ৰাইফলছৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক গৰিহণা দি দেশে বীৰ জোৱান সকলৰ আত্মবলিদানক অথলে যাবলৈ নিদিয়ে বুলি মন্তব্য কৰে।