Local, Vocal, Global

Indian Army Day 2025: আজি ভাৰতীয় সেনা দিৱস

নিউজ ডেস্ক,১৫জানুৱাৰী : আজি ভাৰতীয় সেনা দিৱস । প্ৰতিবছৰে ১৫জানুৱাৰীৰ দিনটোত ভাৰতীয় সেনা দিৱস পালন কৰা হয় ।

দেশক সুৰক্ষা প্ৰদান কৰাৰ অৰ্থে বহু জোৱান শ্বহীদ হ’বলগীয়াও হয়। শত্ৰুৰ বিৰুদ্ধে যুঁজ দি দেশৰ হকে শ্বহীদ হোৱা এই সেনা জোৱানসকলৰ স্মৃতিত প্ৰতি বছৰৰ ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। সেনা দিৱসৰ দিনা দিল্লীৰ কৰিয়প্পা পেৰেড গ্ৰাউণ্ডত এক বিশাল আয়োজন কৰা হয়। য’ত ভাৰতীয় সেনাই নিজৰ সাহস প্ৰদৰ্শন কৰাৰ লগতে আধুনিক অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ প্ৰদৰ্শন কৰে(Indian Army Day 2025 celebrations)।

ভাৰত স্বাধীন হোৱাৰ পাছৰ সময়খিনি ভাৰতীয় সেনাৰ বাবে মহত্বপূৰ্ণ আছিল।১৯৪৯ চনত জেনেৰেল কৰিয়প্পাই ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেয়ে প্ৰতি বছৰে ১৫ জানুৱাৰীৰ দিনটো ভাৰতীয় সেনা দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত দিল্লীৰ কৰিয়প্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত অনুষ্ঠানত সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰে। এই দিৱসত বহু কাৰ্যক্ৰম অনুষ্ঠিত হোৱাৰ লগতে সেনাক বীৰতা পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰোপৰি এই দিনটোতে দেশৰ হকে যুঁজ দিয়া প্ৰতিগৰাকী সেনাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়(Indian Army Day 2025)।

আজি দেশে পালন কৰিছে ৭৭ সংখ্যক সেনা দিৱস। প্ৰতি বছৰে এই দিৱসত এটা বিষয়বস্তু নিৰ্ধাৰণ কৰা হয়। চলিত বৰ্ষতো ইয়াৰ বাবে এক বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছে। ভাৰতীয় সেনা দিৱস ২০২৫ ৰ বিষয়বস্তু হ’ল- “সমৰ্থ ভাৰত, সক্ষম সেনা”। এই দিৱস উপলক্ষ্যে আজি দিল্লীত পেৰেড, জনগোষ্ঠীয় নৃত্যু,সামৰিক অনুশীলন আদি অনুষ্ঠিত হব।

লগতে পঢ়ক :Mankahar LPG Cylinder Burst:মানকাচৰৰ ভুৰাকাটাত ভয়ংকৰ অগ্নিকাণ্ড