Local, Vocal, Global

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জাৰি কৰিলে শ্বুটিং সম্পৰ্কীয় নতুন নীতি-নিয়ম

দেশত পুনৰ আৰম্ভ হ’ব শ্বুটিং। কৰ’নাৰ ভয়াৱতাৰ বিগতে কেইবা মাহ ধৰি দেশত বন্ধ হৈ আছিল চিনেমাৰ শ্বুটিং। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰাণালয়ে জাৰি কৰিলে শ্বুটিং সম্পৰ্কীয় নতুন নীতি-নিয়ম।

  • শ্বুটিংস্থলীত ব্যৱহাৰ কৰিব লাগিব ফেচমাস্ক
  • ব্যৱহাৰ কৰিব লাগিব আৰোগ্য সেতু এপছ
  • সকলোক্ষেত্ৰতে মানি চলিব লাগিব সামাজিক দূৰত্ব
  • ৬ ফুটৰ সামাজিক দূৰত্ব মানিব লাগিব
  • শ্বুটিংস্থলীত ৰাখিব লাগিব চেনিটাইজাৰ
  • প্ৰৱেশৰ সময়ত হাত ধোৱাৰ লগতে কৰিব লাগিব চেনিটাইজেশ্বন
  • শাৰীৰিকভাৱে অসুস্থ হলে থাকিব লাগিব আইছলেশ্বনত
  • শ্বুটিংস্থলীত উপস্থিত লাগিব কম সংখ্যক লোকৰ
  • শ্বুটিংস্থলীত দৰ্শকৰ প্ৰৱেশত থাকিব বাধা
  • প্ৰতিদিনে শ্বুটিং চেট্, মেক-আপ ৰুম, ভেনিটি ভেন আদিত কৰিব লাগিব চেনিটাজেইচন
  • হেণ্ড গ্ল’ভ’চ, জোতা পিপিই কিটৰ পৰ্যাপ্ত ব্যৱস্থা থাকিব লাগিব
  • কেমেৰা আগত থকা সকলৰ বাহিৰে সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামুলক
  • মেক-আপ আৰ্টিষ্ট আৰু হেয়াৰ ষ্টাইলিষ্টসকলে পৰিধান কৰিব লাগিব পিপিই কিট
  • আদান-প্ৰদান কৰিব নোৱাৰিব লেপেল আৰু মাইকছ