Local, Vocal, Global

India reveals Gaganyaan crew, PM Modi’s standing ovation : ‘গগনযান’ মিছনৰ বাবে ৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : ‘গগনযান’ মিছনৰ বাবে ৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গ্ৰুপ কেপ্টেইন পি বালাকৃষ্ণন নায়াৰ, গ্ৰুপ কেপ্টেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্টেইন অংগদ প্ৰতাপ আৰু উইং কামাণ্ডাৰ এছ শুক্লাৰ নাম প্ৰকাশ। ‘গগনযান’ মিছন ভাৰতৰ প্ৰথমটো মানৱ অভিযান। ২০২৪-২৫ চনত উৎক্ষেপণৰ লক্ষ্য গগনযানৰ(PM Modi reveals names of astronauts picked for Gaganyaan mission at ISRO centre)।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ প্ৰথম মানৱ মহাকাশ উৰণ অভিযান ‘গগনযানৰ’ৰ বাবে প্ৰশিক্ষণ লৈ থকা চাৰিজন পাইলটৰ নাম ঘোষণা কৰে। পাইলট কেইজন হ’ল – গ্ৰুপ কেপ্তেইন পি বালকৃষ্ণন নাইৰ, গ্ৰুপ কেপ্তেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্তেইন অংগদ প্ৰতাপ, আৰু উইং কমাণ্ডাৰ এছ শুক্লা। প্ৰধানমন্ত্ৰীয়ে চাৰিজন মহাকাশচাৰী-নিৰ্দিষ্টক ‘মহাকাশচাৰী উইং’ও প্ৰদান কৰে(India reveals Gaganyaan crew, PM Modi’s standing ovation)।

৪গৰাকী মহাকাশচাৰীৰ নাম প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মই সুখী যে আজি এই মহাকাশচাৰীসকলক লগ কৰি দেশৰ সন্মুখত উপস্থাপন কৰাৰ সুযোগ পাইছো। সমগ্ৰ দেশৰ হৈ তেওঁলোকক অভিনন্দন জনাব বিচাৰিছো…আপোনালোক আজিৰ ভাৰতৰ গৌৰৱ।’

লগতে পঢ়়ক : Legendary singer Pankaj Udhas’ funeral to be held today, says daughter Nayaab Udhas : আজি পঞ্চভূতত বিলীন হ’ব গজল গায়ক পংকজ উধাছ