Local, Vocal, Global

India recorded third highest heatwave: বিগত ২৩ বছৰত ভাৰতত এইবাৰ তৃতীয় সৰ্বাধিক গৰমৰ ৰেকৰ্ড : বতৰ বিজ্ঞান বিভাগ

নতুন দিল্লী, ৩০ জুন : ভাৰতৰ বতৰ বিজ্ঞান বিভাগে (India Meteorological Department) জনোৱা মতে, ২০১৯ আৰু ২০২২ চনৰ পিছত যোৱা ২৩ বছৰত ভাৰতত এইবাৰ তৃতীয় সৰ্বাধিক গৰমৰ ঢৌ আৰু ভয়াৱহ গৰমৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (India recorded third highest heatwave conditions) ।

বতৰ বিজ্ঞান বিভাগৰ সংস্থাটোৱে জনোৱা মতে, ২০১৯ চনত 578 MSD(Mean standard deviation) আৰু ২০২২ চনত 455 MSDৰ পিছত এই গ্ৰীষ্মকালত গৰমৰ তৰংগ আৰু তীব্ৰ গৰমৰ পৰিস্থিতি তৃতীয় সৰ্বাধিক ৰেকৰ্ড কৰা হৈছে (Heatwave and severe heatwave conditions this summer) ।

ইয়াৰ উপৰিও আইএমডিৰ তথ্য অনুসৰি, পশ্চিম বংগ, ওড়িশা, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়কে ধৰি দেশৰ পূব অঞ্চল আৰু পূব মধ্যপ্ৰদেশ, বিদৰ্ভ আৰু তেলেংগানাকে ধৰি ইয়াৰ সংলগ্ন মধ্য অংশত স্বাভাৱিকতকৈ অধিক গৰম পৰা দেখা গৈছে ।

ইয়াৰ উপৰিও জুন মাহত অসম, উত্তৰ প্ৰদেশৰ দক্ষিণ ভাগ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি তিনিৰ পৰা চাৰিটা জ’নত অধিক বৰষুণ হোৱা বুলি উল্লেখ কৰি আইএমডিয়ে জনোৱা অনুসৰি গুজৰাটতো প্ৰচণ্ড বৰষুণ হোৱা পৰিলক্ষিত হৈছিল যদিও সেই বৰষুণ ঘূৰ্ণীবতাহৰ ধুমুহা বিপাৰজয়ৰ বাবেই হৈছিল (Heavy rainfall activity)।

ইফালে, শুকুৰবাৰে আই এম ডিয়ে জনোৱা মতে, মহাৰাষ্ট্ৰৰ মুম্বাই, থানে আৰু পালঘৰত আগন্তুক ৩-৪ ঘণ্টাৰ ভিতৰত মধ্যমীয়াৰ পৰা অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে আইএমডিৰ এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে, “সক্ৰিয় বাৰিষাৰ পৰিস্থিতি (Active monsoon conditions)ৰ বাবে আগন্তুক ২-৩ দিনৰ ভিতৰত কোংকনৰ কিছু অংশ আৰু মধ্য মহাৰাষ্ট্ৰৰ কাষৰীয়া ঘাট অঞ্চলত অধিক পৰিমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।”

মধ্যপ্ৰদেশৰ পান্না জিলাত যোৱা তিনিদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণে পথ সংযোগত ক্ষতিগ্ৰস্ত কৰাৰ লগতে যান-বাহন গিয়াৰৰ পৰা আঁতৰাই পেলায়। হোমগাৰ্ড আৰু উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগকে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয়তো প্ৰচণ্ড পানী জমা হোৱাৰ বাতৰি পোৱা গৈছে।

ইফালে যোৱা তিনিদিন ধৰি মধ্য প্ৰদেশৰ পান্না জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে বহু স্থানত পথৰ সংযোগ বন্ধ হৈ পৰাৰ ফলত যান-বাহনৰ চলাচলো অচল হৈ পৰে । গৃহৰক্ষী বিভাগ, উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ বিভাগকে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয়তো ব্যাপক হাৰত পানী জমা হোৱাৰ বাতৰি পোৱা গৈছে ।

একেধৰণে শুকুৰবাৰে পুৱাৰ ভাগত দেশৰ ৰাজধানী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ কোনো কোনো অংশত তীব্ৰ বৰষুণ হোৱাৰ লগতে অঞ্চল সমূহত ব্যাপক কৃত্তিম বানৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে ।

উল্লেখ্য যে, আইএমডিয়ে অহা কেইদিনমানৰ ভিতৰত দিল্লী, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মধ্য প্ৰদেশৰ বিভিন্ন স্থানত অধিক মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে ।

ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে দিল্লী-এনচিআৰৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছিল, যাৰ ফলত সৰ্বনিম্ন তাপমাত্ৰা ২৭.১ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল ।

লগতে পঢ়ক: Manipur Violence : পদত্যাগ নকৰাৰ সিদ্ধান্ত এন বীৰেণ সিঙৰ