আজি সমুখসমৰত ভাৰত–পাক

দীর্ঘ প্রতীক্ষাৰ অন্ত পেলাই আজি পুনৰ ক্রিকেটৰ পথাৰত মুখামুখি হ’ব দুই চিৰবৈৰী ভাৰত–পাকিস্তান৷ আইচিচি টি–২০ বিশ্বকাপৰ ছুপাৰ ১২ ৰাউণ্ডৰ এই মেচখনক লৈ সমগ্র বিশ্বৰ ক্রিকেট অনুৰাগীৰ মাজত তীব্র উৎকণ্ঠা বিৰাজ কৰিছে৷
সুদীর্ঘ চাৰি বছৰৰ মূৰত ভাৰত–পাকিস্তানৰ মহাৰণ উপভোগ কৰিবলৈ বিশ্বৰ চুকে–কোণে থকা প্রতিগৰাকী ক্রিকেটপ্রেমী সাজু হৈ উঠিছে৷
উল্লেখ্য যে বিশ্বকাপৰ ইতিহাসত ভাৰতে প্রতিবাৰেই পাকিস্তানক পৰাস্ত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে আৰু এইবাৰো বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই চিৰবৈৰীক হৰুৱাই দেশৰ কোটি কোটি ক্রিকেট অনুৰাগীক আপ্লুত কৰিব বুলি সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে৷ এইপর্যন্ত টি–২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তান ৫বাৰ পৰস্পৰৰ মুখামুখি হৈছে আৰু প্রতিবাৰেই ভাৰতে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷
২০০৭ত দক্ষিণ আফ্রিকাত অনুষ্ঠিত আইচিচি টি–২০ বিশ্বকাপত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন টীম ইণ্ডিয়াই দুবাৰকৈ চুবুৰীয়া দেশখনৰ মুখামুখি হৈছিল৷ জোহান্সবার্গত অনুষ্ঠিত টি–২০ বিশ্বকাপৰ ফাইনেলত পাকিস্তানক ৫ ৰানত হৰুৱাই ধোনী বাহিনীয়ে খিতাপ জয় কৰাৰ স্বর্ণীল মুহূর্ত ভাৰতীয় ক্রিকেট অনুৰাগীৰ মনত এতিয়াও সজীৱ হৈ আছে৷
২০১২ত শ্রীলংকাত আৰু ২০১৪ত বাংলাদেশত অনুষ্ঠিত টি–২০ বিশ্বকাপতো ভাৰতে শেষ হাঁহি মাৰি অগণন ক্রিকেট অনুৰাগীৰ মন জয় কৰে৷ ২০১৬ত ভাৰতত অনুষ্ঠিত টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ হাতত পুনৰ এবাৰ পৰাজয়ৰ সন্মুখীন হয় চিৰবৈৰী পাকিস্তান৷ দলটোৰ এই দীঘলীয়া ব্যর্থতাৰ ইতিহাস সলনি কৰাৰ লক্ষ্যৰে এইবাৰ বাবৰ আজম নেতৃত্বাধীন পাকিস্তানে আজি ডুবাইৰ আইচিচি ক্রিকেট গ্রাউণ্ডত অৱতীর্ণ হ’ব৷
বিৰাট কোহলি, ৰোহিত শর্মা, লোকেশ ৰাহুল, ঋষভ পণ্ট, হার্দিক পাণ্ডিয়া, ৰবীন্দ্র জাদেজা, যশপ্রীত বুমৰাহৰ দৰে কেইবাগৰাকীও মেচ উইনাৰৰ সৈতে চিৰবৈৰী পাকিস্তানক পুনৰ এবাৰ বিধ্বস্ত কৰিবলৈ সাজু হৈছে টীম ইণ্ডিয়া৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷