Local, Vocal, Global

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ধাৰাষাৰ বৰষুণ হোৱাৰ ভৱিষ্যতবাণী

নিউজ ডেস্ক, ২৩ আগষ্ট : মঙ্গলবাৰে উত্তৰ পূৱৰ কিছু অংশত বৰষুণ হোৱাৰ সম্ভাৱনা। আনহাতে IMDৰ মতে উত্তৰ পূৱৰ ৰাজ্যসমূহত ব্যপকৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা।
আনহাতে ২৩,২৬ আৰু ২৭ আগষ্টত অসম, মেঘালয়,নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ৬৪.৫ মিমিৰ পৰা ১১৫.৫ মিমি পৰিসৰত বিচ্ছিন্ন ধাৰাষাৰ বৰষুণৰ ওপৰিও বজ্ৰপাত হোৱাৰ সম্ভাৱনা।
অৰুণাচল প্ৰদেশতো শুক্ৰবাৰে আৰু শনিবাৰে ধাৰাষাৰ বৰষুণ হোৱাৰ ভৱিষ্যতবাণী কৰে আইএমডিয়ে ।
বতৰ সংস্থাটোৱে মঙ্গলবাৰ, শুক্ৰবাৰ আৰু শনিবাৰৰ বাবে সমগ্ৰ উত্তৰ আৰু পূৱত হালধীয়া সতৰ্কতা জাৰি কৰিছিল। তাৰোপৰি, আৱাসীসকলক স্থানীয় বতৰৰ পৰিস্থিতিৰ বিষয়ে সজাগ হ’বলৈ আহ্বান জনোৱাৰ বাবে এক পৰামৰ্শ জাৰী কৰা হৈছে।
বতৰ চেনেলৰ মতে, বৰষুণৰ পূৰ্বানুমান থকা স্বত্তেও, উত্তৰ পূৱত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক থকাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে যদিও উত্তৰ পূৰ্বাঞ্চলত প্রাক মৌচুমীত ধাৰাষাৰ বৰষুণ হৈছিল, এতিয়ালৈকে বাৰিষা ঋতুত ৰেকৰ্ড কৰা বৰষুণ গড়তকৈ কম হৈ আছে।