বন্ধন বেংকৰ প্ৰতিষ্ঠা দিৱস উদযাপন
নিউজ ডেস্ক, ২৩ আগষ্ট : ৭ম বছৰত পদাৰ্পন কৰিলে বন্ধন বেংকে। দেশৰ আগশাৰীৰ অগ্ৰণী বেংকিং প্ৰতিষ্ঠান বন্ধন বেংকে সফলতাৰে ছটা বছৰ পাৰ কৰি আজি সপ্তম বছৰত পদাৰ্পণ কৰিলে ৷ বন্ধন বেংকৰ প্ৰতিষ্ঠা দিনটোক লৈ আজি প্ৰতিটো বন্ধন বেংকিং প্ৰতিষ্ঠান আৰু গ্ৰাহকৰ মনত আনন্দৰ বন্যা বৈছে ।
২০০১ চনত বৰ্তমানৰ বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ’ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল বন্ধনে ৷
২০০৬ চনত বন্ধন নন বেংকিং ফাইনেঞ্চিয়েল কোম্পানী হিচাপে পঞ্জীয়নকৃত হয় আৰু প্ৰতিষ্ঠা কৰে বন্ধন ফাইনেঞ্চিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ ৷
২০১০ চনত বন্ধন দেশৰ সৰ্ববৃহৎ ক্ষুদ্ৰ ঋণ প্ৰতিষ্ঠান হিচাপে স্বীকৃত হয় ৷ ইপিনে ২০১৫ চনত বন্ধনে বেংকিং সেৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰে আৰু সেই বছৰৰে ২৩ আগষ্টত সমগ্ৰ ভাৰতবৰ্ষজুৰি বন্ধনে বেংক মুকলি হয় ৷
ভাৰতবৰ্ষৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪ টাতেই ৫,৬৪০ টা বেংকিং ইউনিট আৰু শাখাৰ যোগেদি ২.৬৯ কোটি গ্ৰাহকেৰে বন্ধনে সেৱা আগবঢ়াই আহিছে ৷ বৰ্তমান বন্ধন বেংকৰ মুঠ ব্যৱসায় ১,৮৯,৭০৭ কোটি টকাৰ বিপৰীতে মুঠ জমাৰ পৰিমাণ হৈছে ৯৩,০৫৭ কোটি টকা ৷ বৰ্তমান উক্ত শাখা বিলাকত গ্ৰাহকক সেৱা প্ৰদান কৰা কৰ্মচাৰীৰ সংখ্যা ৬১,২৪৭ জন ৷
উল্লেখ্য যে ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰে বন্ধনে প্ৰতিষ্ঠা দিৱস পালন কৰিব পৰা নাছিল যদিও এইবাৰ জাক-জমকতাৰে ভাৰতবৰ্ষৰ সকলো বন্ধন বেংকৰ শাখাতেই প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ ব্যতিক্ৰম নহয় অসমৰ শাখাবোৰো ৷ আজি প্ৰতিটো শাখাত কেক কাটি প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।