Local, Vocal, Global

বিশ্ব টেষ্ট ক্ৰিকেটৰ ১ নম্বৰ দল হৈ পৰিল ভাৰত

আইচিচি (ICC)য়ে মুকলি কৰিলে শেহতীয়া টেষ্টৰ ৰেংকিং। ভাৰতে চতুৰ্থ টেষ্টত ইংলেণ্ডক ২৫ৰানত পৰাজিত কৰি ৩-১ শৃংখলাৰ জয় পঞ্জীয়ন কৰাৰ পিছত আইচিচিয়ে মুকলি কৰে এই ৰেংকিং। উল্লেখযোগ্য যে ভাৰতে নিউজীলেণ্ডক ৰেংকিঙৰ শীৰ্ষৰ পৰা স্থানচ্যুত কৰিছে । ভাৰত ১২২ ৰেটিং পইণ্টৰ সৈতে আছে প্ৰথম স্থানত । আনহাতে নিউজীলেণ্ড ১১৮ ৰেটিং পইণ্টৰ সৈতে আছে দ্বিতীয় স্থানত । আনহাতে ৰেংকিঙৰ ৩য়আৰু ৪ৰ্থ স্থান লাভ কৰিছে ক্ৰমে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে ।এই বাৰ্তা পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীসকলৰ শুভেচ্ছাবাণীৰ উজান উঠিছে ।