Local, Vocal, Global

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

সূৰ্যৰ ৰশ্মিয়ে হ্ৰাস কৰিব ক’ৰোনাত মৃত্যু হোৱাৰ আশংকা

এটা নতুন গৱেষণাত গৱেষক সকলে দাবী কৰিছে যে সূৰ্যৰ ৰশ্মি তথা ৰ’দৰ তাপে ক’ৰোনাত মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰে।এডিনবৰা বিশ্ববিদ্যালয়ৰ গৱেষক সকলৰ মতে যি সমূহ এলেকাত সূৰ্যৰ ৰশ্মি তথা ৰ’দৰ তাপ অধিক পৰে তেনে এলেকাত ক’ৰোনাত মৃত্যুৰ আশংকা যথেষ্ট কম থাকে।উল্লেখযোগ্য যে সূৰ্যৰ ৰশ্মিৰ পৰা নিৰ্গত আলট্ৰাভায়লেট কিৰণৰ ৯৫ শতাংশ ইউ ভি এ ৰেডীয়েচন থাকে। এই ৰেডীয়েচন ছালৰ অন্তৰ্ভাগলৈ শিপাই যায়।শেহতীয়াকৈ প্ৰমাণিত হৈছে যে এই ইউ ভি এ ৰেডীয়েচনে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বিশেষ ক্ষমতা ৰাখে। ৰ’দৰ তাপত ৰক্তচাপ সন্তুলিত হৈ থকাৰ লগতে হৃদৰোগৰ সম্ভাৱনা কম হয় আৰু হাওঁফাওঁৰ স্বাস্থ্যলৈ বিশেষ পৰিবৰ্তন আনে বুলি প্ৰমাণ কৰিছে এই অধ্যয়নে।