Local, Vocal, Global

জম্মু-কাশ্মীৰত সেনাৰ কনভয়ত অঘটন! সেনাৰ গাড়ীত অগ্নিদগ্ধ ৪ জোৱান…

ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰত শোকাৱহ দুৰ্ঘটনা ।বিজি চেক্টৰৰ ভট্টা ডুৰিয়ান ফৰেষ্টৰ ওচৰত এই ঘটনাটো সংঘটিত হয়।পুঞ্চ-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সেনাৰ কনভয়ত অঘটন। সেনাৰ কনভয়ত ভয়ংকৰ জুই।এই দুৰ্ঘটনাত কমেও ৪ জন জোৱান শ্বহীদ হয়। জানিব পৰা মতে জুইৰ ফলত বাহনখনৰ ভিতৰত বহু সৈনিক আৱদ্ধ হৈ পৰিছিল।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোকসকল ঘটনাস্থলীলৈ দৌৰি যায়।আৰু ঘটনা সম্পৰ্কে আৰক্ষী আৰু সেনাকো অৱগত কৰে। ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে। বাহনখনত কেনেকৈ জুই লাগিল সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই।
আনহাতে, সেনাৰ মুখপাত্ৰই জম্মুৰ ঘটনা সম্পৰ্কীয় ভিডিঅ’ আৰু ছবি প্ৰচাৰ কৰিব নালাগে বুলি আহ্বান জনায়। ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে।