Local, Vocal, Global

কামৰূপ জিলাৰ আল্টাত বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সমূহীয়া ইফতাৰ আৰু বিশ্বশান্তিৰ বাবে দোৱা

ডিজিটেল ডেস্ক:- জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপি দলৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত সমূহীয়া ইফতাৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ সমষ্টিটোৰ আল্টা ২৮ নং বুথৰ সহযোগত আল্টা জানোপাৰ ঈদগাহ ময়দানত অনুষ্ঠিত সমূহীয়া ইফাতাৰত বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰা হয় ৷

বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ সভাপতি আমিনুল হকৰ নেতৃত্বত বুধবাৰে সন্ধিয়া অনুষ্ঠিত এই সমূহীয়া ইফতাৰ কাৰ্যসূচীত স্থানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ মঙ্গলৰ বাবেও আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা হয় ৷

প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰা এই সমূহীয়া ইফতাৰ কাৰ্যসূচীত সংখ্যালঘু মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি টি ৰাজীৱ আহমেদ প্ৰমুখ্যে বিজেপি দলৰ বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷