Incense smoke in dangerous : বন্ধ কোঠাত ধূপৰ ধোঁৱা চিগাৰেটতকৈও বিপদজনক

নিউজ ডেস্ক, ২৬ জুন : ধূপ-কাঠিক লৈ চলোৱা গৱেষণাত পোহৰলৈ আহিছে এক ভয়ানক তথ্য (Incense smoke in dangerous) ৷ ধূপৰ ধোঁৱা চিগাৰেটতকৈও বেছি ক্ষতিকাৰক ৷ ছাউথ ছাইনা ইউনিভাৰ্চিটী অব টেকন’লজীৰ (SCUT) South China University of Technology) বিজ্ঞানীসকলে চলোৱা গৱেষণাত পোহৰলৈ আহিছে ধূপ সম্পৰ্কে এই চাঞ্চল্যকৰ তথ্য (Incense smoke in dangerous)৷ এই গৱেষণাত পোৱা তথ্য অনুসৰি ধূপ কাঠিৰ ধোঁৱা হাওঁফাওঁৰ বাবে অতি ক্ষতিকাৰক ৷ এই ধোঁৱা শৰীৰত প্ৰৱেশ কৰিলে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাই দেখা দিয়ে ৷
ঘৰত সুগন্ধি বিয়পাবলৈ আমি সকলোৱে ধূপকাঠি জ্বলাও ৷ কিন্তু এই ধূপকাঠি যে প্ৰাণঘাতী হ’ব পাৰে সেয়া বহুতেই নাজানে ৷ এছ চি ইউ টিৰ গৱেষণাত পোৱা তথ্য অনুসৰি ধূপৰ ধোঁৱাত অতি ক্ষুদ্ৰাতিক্ষুদ্ৰ অসংখ্য প্ৰদূষণ কণিকা থাকে ৷ এই কণিকাসমূহ বতাহৰ সৈতে মিলি যায় ৷ যিটো স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক ৷
ধূপকাঠিৰ ধোঁৱাত তিনিধৰণৰ বিহ থাকে যেনে মিউটাজেনিক, জিনোটক্সিক আৰু ছাইট’টক্সিক ৷ এইবোৰৰ পৰা কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আছে ৷
মিউটাজেনিকে ডি এন এৰ কোষৰ চৰিত্ৰ সলনি কৰে ৷ জিনোট’ক্সিকে জিনৰ চৰিত্ৰ ইমানেই সলনি কৰি পেলায় যে ইয়াৰ ফলত কৰ্কট ৰোগ হ’ব পাৰে ৷ ছাইট’টক্সিকে আকৌ শৰীৰৰ বিভিন্ন কোষ নষ্ট কৰে ৷ আমেৰিকান কেন্সাৰ ছ’চাইটিৰ জাৰ্ণালত প্ৰকাশিত প্ৰতিবেদন অনুসৰি দীৰ্ঘদিন ধৰি যদি ধূপকাঠিৰ ধোঁৱা শৰীৰত প্ৰৱেশ কৰি থাকে তেন্তে আপাৰ ৰেছপিৰেটৰী ট্ৰেক্টত কৰ্কট ৰোগৰ আশংকা বাঢ়ে ৷
ধূপকাঠিৰ ধোঁৱাত যিমান দূষণ কণিকা থাকে, তাৰ মাজত ৬৪ বিধ যৌগিক পদাৰ্থ থাকে ৷ যিবোৰ ধোঁৱাৰ জৰিয়তে শৰীৰত শ্বাস-প্ৰশ্বাসত সমস্যাৰ সৃষ্টি কৰে ৷ তথ্য অনুসৰি কেৱল ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰদূষণ কণিকাই নহয়, ধূপকাঠিত যিবোৰ সুগন্ধি ব্যৱহাৰ কৰা হয় সেইবোৰো অত্যন্ত ক্ষতিকাৰক ৷
সেয়ে গৱেষকসকলে ভেণ্টিলেছনৰ সুব্যৱস্থা থকা কোঠালিতহে ধূপ জ্বলোৱাৰ পৰামৰ্শ আগবঢ়াইছে ৷ বন্ধ কোঠালিত জ্বলোৱা ধূপৰ ধোঁৱাৰ পৰা উৎপন্ন হোৱা কাৰ্বন মনোঅক্সাইড শৰীৰত প্ৰৱেশ কৰিলে ই স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক হৈ পৰে ৷
লগতে পঢ়ক : International day of drug abuse : ড্ৰাগছ মুক্ত হওক সমাজ