Local, Vocal, Global

WATCH| Inauguration of IWT Terminal:যোগীঘোপাত কেন্দ্ৰীয় চৰকাৰৰ IWT terminal আনুষ্ঠানিক ভাবে মুকলি

অভয়াপুৰী,১৮ফেব্ৰুৱাৰী : জলপথৰ ক্ষেত্ৰত অসমৰ বাবে এক ভাল খবৰ। যোগীঘোপাত আজি মুকলি বহু প্ৰত্যাক্ষিত IWT TERMINAL । যোগীঘোপাত কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় অন্তদেশীয় জলমাৰ্গ প্ৰাধিকৰণ পৰিবহন আৰু জলমাৰ্গ মন্ত্ৰালয়ৰ আই ডব্লিউ টি টাৰ্মিনেল আনুষ্ঠানিক ভাবে মুকলি কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Inauguration of IWT Terminal at Jogighopa) ।

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ উদ্যোগ, বানিজ্য আৰু নিয়োগ মন্ত্ৰালয়ৰ মন্ত্ৰী H.E Lyonpo Namgyal Dorji, অসম চৰকাৰৰ তিনি গৰাকী মন্ত্ৰী ক্ৰমে ৰঞ্জিত দাস, বিমল বৰা, যোগেন মোহন, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণিভূষণ চৌধুৰী আৰু ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোগীঘোপাৰ IWT TERMINAL আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিলে ।

উল্লেখ্য যে দেশৰ ১১১ খন ৰাষ্ট্ৰীয় জলপথৰ লগতে ব্ৰহ্মপুত্ৰ উল্লেখযোগ্য জলপথ হিচাপে পৰিগণিত হৈছে । কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰিণ জল পৰিৱহন প্ৰাধিকৰণৰ অধীনত যোগীঘোপাত নৰনাৰায়ণ সেঁতুৰ কাষত মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ পাৰত নিৰ্মান জল পৰিবহনৰ টাৰ্মিনেল।৬৩.৯ কোটি টকীয়া জল পৰিৱহন টাৰ্মিনেল প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ নিৰ্মানকাৰ্য সম্পন্ন হৈ পৰিছে।মুকলিৰ পিছতে যোগীঘোপা আৰু বাংলাদেশ মাজত জলপথৰে চলিব জাহাজ । ভুটান , ভাৰত আৰু বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰী আমদানি আৰু ৰপ্তানী কৰা হ’ব । বিশেষকৈ ভুটানৰ পৰা খনিজ জাতীয় সামগ্ৰী যেনে শিল,বালি আদি প্ৰথমে আহিব যোগীঘোপালৈ তাৰ পিছত জলপথৰে জাহাজৰে বাংলাদেশলৈ ৰপ্তানি কৰিব। আনফালে বাংলাদেশৰ পৰা কাপোৰ ইত্যাদি সামগ্ৰী জলপথৰে প্ৰথমে যোগীঘোপালৈ আহিব ,তাৰ পিছত চুবুৰীয়া ৰাষ্ট্ৰ ভুটান লৈ ৰপ্তানি হ’ব। যাৰ ফলত যাতায়তৰ মুল কেন্দ্ৰবিন্দু হৈ পৰিছে যোগীঘোপা(Inauguration of IWT Terminal) ।

লগতে পঢ়ক : WATCH|Barpeta News:বৰপেটাৰ কুকাৰপাৰত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতিবাদ