WATCH|Barpeta News:বৰপেটাৰ কুকাৰপাৰত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতিবাদ
বৰপেটা,১৮ফেব্ৰুৱাৰী : বৰপেটাৰ কুকাৰপাৰত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ প্ৰতিবাদ।
১০৮ এম্বুলেন্সৰ সেৱা অব্যাহত ৰখা আৰু স্বাস্থ্য কেন্দ্ৰ উদ্বোধন কৰাৰ দাবীত ওলাই আহিল ছাত্ৰ-ছাত্ৰী, ৰাইজ। ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ ওলাই আহি সাব্যস্ত কৰিলে প্ৰতিবাদ।
কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা ১০৮ এম্বুলেন্সখন আন ঠাইলৈ নিবলৈ খোজাত এইদৰে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে। চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে কুকাৰপাৰত থকা ১০৮ এম্বুলেন্সখন কাছুমাৰালৈ নিয়াৰ যো জা চলাই থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। বিধায়ক আশ্ৰাফুল হুছেইনৰ সিদ্ধান্তক বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে(Students and people protest in Barpeta)।
কোনো কাৰণতে কুকাৰপাৰৰ পৰা ১০৮ এম্বুলেন্সখন আন ঠাইলৈ নিব নিদিয়ে বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। কুকাৰপাৰৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজক এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত নকৰিবলৈ স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে। আনহাতে কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২০১৮ চনতেই চিকিৎসক নিয়োগ কৰিছে যদিও আজিলৈ মুকলি কৰা নহ’ল স্বাস্থ্য কেন্দ্ৰটো(Barpeta News)।
কুকাৰপাৰত নিয়োগ কৰা স্বাস্থ্য কৰ্মীৰ দলটোৱে আন ঠাইত স্বাস্থ্য সেৱা আগবঢ়াই আছে। অতি সোনকালেই স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিবলৈ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক আহ্বান জনাইছে ৰাইজে।কুকাৰপাৰকে ধৰি দাঁতিকাষৰীয়া প্ৰায় বিশখন গাঁৱৰ ৰাইজে বঞ্চিত হৈ আহিছে স্বাস্থ্য সেৱাৰ পৰা।
সামান্য অসুখতেই দূৰ দূৰণিৰ স্বাস্থ্য কেন্দ্ৰলৈ যাবলগীয়া হয় এই অঞ্চলৰ ৰোগীসকল। অতি সোনকালেই কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি ৰাইজক স্বাস্থ্য সেৱা প্ৰদান কৰিবলৈ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে।
লগতে পঢ়ক:WATCH| Sonari News: এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘক উভটি ধৰিলে টাই আহোম যুৱ পৰিষদে